68
নগাঁওঃ অসমৰ অভিনয় জগতৰ অন্যতম বলিষ্ঠ অভিনেতা গুণ মহন্তলৈ আগবঢ়োৱা হৈছে ‘মঞ্চ কোঁৱৰ’ উপাধি৷
নগাঁৱৰ অন্যতম অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘সন্মিলিত ৰাংঢালী সংঘ’ই প্ৰবীণ অভিনেতাগৰাকীক বটদ্ৰৱা সমষ্টিৰ খালৈগাঁও এফলীয়াবড়িত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই উপাধি প্ৰদান কৰে৷