86
”আমাৰ ইয়াত শৈশৱতে সম্বন্ধ ঠিক কৰা হয় আৰু পিছত ছোৱালীজনীৰ সকলো সিদ্ধান্ত শহুৰৰ পৰিয়ালৰ লোকেই গ্ৰহণ কৰে। যদিহে ছোৱালীজনীয়েই সেই সম্বন্ধ ত্যাগ কৰিব খোজে তেন্তে সম্পৰ্ক ছেদৰ বিপৰীতে ধন দিবলগীয়া হয়। মোৰ পৰা শহুৰৰ পৰিয়ালে ১৮ লাখ টকা বিচাৰিছিল।’’
এই ভাষ্য মধ্যপ্ৰদেশৰ ৰাজগঢ় জিলাৰ কৌশল্যাৰ। তেওঁ যি বিষয় উল্লেখ কৰিছে সেয়া উক্ত অঞ্চলটোত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে। এই প্ৰথাক মধ্যপ্ৰদেশত ‘ঝগড়া নাটৰা’ নামেৰে জনা যায়।