শিৱসাগৰঃ শিৱসাগৰ জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ যোৱা ১৯ নৱেম্বৰৰ পৰা গাহৰি সৰবৰাহ, গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি ৰাখিছে জিলা প্ৰশাসনে। কিন্তু এই নিষেধাজ্ঞা ভৰিৰে মোহাৰি আমগুৰিৰ কেইগৰাকীমান ব্যৱসায়ীয়ে বহি:ৰাজ্যৰ পৰা এখন ট্ৰেইলাৰত দুই শতাধিক গাহৰি সৰবৰাহ কৰে।
এই খবৰ লাভ কৰি সদৌ অসম গাহৰি পালক সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে জাঁজীত গৌৰিসাগৰ আৰক্ষীৰ সহযোগত আবদ্ধ কৰে ট্ৰাকখন। কিন্তু এই খবৰ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককহে ওলোটাই বহি:ৰাজ্যৰ গাহৰি সৰবৰাহ কৰা কেইগৰাকীমান অসাধু ব্যৱসায়ীয়ে দুৰ্ব্যৱহাৰ তথা অভব্য আচৰণ কৰে। বাতৰি সংগ্ৰহত বাধা দিয়াৰ লগতে গালি-গালাজ পাৰি চূড়ান্ত অভদ্ৰামি কৰে বহি:ৰাজ্যৰ গাহৰি আমদানি কৰা ব্যৱসায়ী কেইগৰাকীয়ে।