নতুন দিল্লীঃ দিল্লী এতিয়া বিজেপিৰ! অৱশেষত অন্ত পৰিল ৰাজধানী দিল্লীক লৈ দেশবাসীৰ উৎকণ্ঠাৰ। দিল্লীবাসীৰ হৃদয় জয় কৰি সুদীৰ্ঘ ২৭ বছৰৰ পিছত দিল্লীত প্ৰত্যাৱৰ্তন ঘটিল বিজেপিৰ। আজি ঘোষণা হোৱা দিল্লী বিধানসভা নিৰ্বাচনত ৪৮ খন আসনত নিশ্চিত বিজয়েৰে দিল্লীত নিজৰ ভেটি সুদৃঢ় কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে। একেসময়তে বাৰ বছৰীয়া এটা যুগৰ অন্ত পেলাই আজিৰে পৰা ক্ষমতাচ্যুত হ’ল কেজৰিৱালৰ আম আদমী পাৰ্টি। নিৰ্বাচনৰ ফলাফলত নিজেই সম্পূৰ্ণ বিধ্বস্ত হ’ল কেজৰিৱাল, মনীষ ছিছ’দিয়াৰ দৰে আপৰ প্ৰভাৱশালী নেতা।
আজি ঘোষিত নিৰ্বাচনী ফলাফলত বিজেপিয়ে ৪৮খন আসন লাভ কৰাৰ বিপৰীতে মাত্ৰ ২২ খন আসনতে সীমাবদ্ধ হয় শাসকীয় আম আদমী পাৰ্টিৰ যাত্ৰা। অন্যহাতে দিল্লীৰ ৰাজনীতিত ক্ৰমাৎ অপ্ৰাসংগিক হৈ পৰা কংগ্ৰেছে এইবাৰো শূন্যতেই সামৰিলে সপোনৰ যাত্ৰা।