ইম্ফলঃ দুবছৰীয়া জাতিগত হিংসা আৰু অব্যাহত থকা ৰাজনৈতিক উত্তেজনাৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ আকস্মিক পদত্যাগে ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে এক নতুন মোৰ। ২০২৩ৰ মে’ মাহৰ পৰাই মণিপুৰত অব্যাহত আছে গোষ্ঠীগত হিংসা। বৰ্তমান সময়ত এই হিংসা কিছু শাম কাটিলেও এতিয়াও শান্ত হোৱা নাই মণিপুৰ। ৰাজ্যখনৰ এনে অস্থিৰ পৰিস্থিতিৰ মাজতে বিজেপিৰ ভিতৰচ’ৰাত ক্ৰমাৎ বৃদ্ধি পায় বিদ্ৰোহ। এনে কাৰণতে কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত অৱশেষত মুখ্যমন্ত্ৰী পদৰ ত্যাগ কৰিবলৈ বাধ্য হয় বীৰেন সিং।
দেওবাৰে সন্ধিয়া ৰাজভৱনত বীৰেন সিঙে ৰাজ্যপাল অজয় কুমাৰ ভল্লাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। তেওঁৰ সৈতে বিজেপি আৰু নগা পিপলছ ফ্ৰণ্টৰ ১৪ গৰাকী বিধায়ক উপস্থিত থাকে। ৰাজ্যিক বিজেপিৰ সভাপতি এ শাৰদা আৰু দলটোৰ অন্যতম কেন্দ্ৰীয় নেতা সম্বিত পাত্ৰও উপস্থিত থাকে। উল্লেখ্য যে, ২০২৩ চনৰ মে’ মাহত ৰাজ্যখনত ব্যাপক জনগোষ্ঠীয় সংঘৰ্ষৰ সৃষ্টি হৈছিল, য’ত ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈছিল। এই হিংসাৰ পটভূমিত বিজেপিৰ বিৰুদ্ধে প্ৰশাসনিক ব্যৰ্থতাৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যখনৰ দুটা মূল সম্প্ৰদায় মেটেই আৰু কুকিৰ মাজত বিভাজন গভীৰ হৈ পৰিছে।