Home দেশজাতিভিত্তিক লোকপিয়লৰ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰীয় চৰকাৰৰ, বিৰোধীৰো আদৰণি

জাতিভিত্তিক লোকপিয়লৰ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰীয় চৰকাৰৰ, বিৰোধীৰো আদৰণি

by News Desk
A+A-
Reset
crowd

নতুন দিল্লীঃ বহু বিতৰ্ক, বিৰোধী মিত্ৰজোঁটৰ ধাৰাবাহিক দাবী, ৰাজ্যভিত্তিক সমীক্ষাৰ প্ৰতি অসন্তুষ্টিৰ মাজতে অৱশেষত জাতিভিত্তিক লোকপিয়লৰ সিদ্ধান্ত গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে। বুধবাৰে কেন্দ্ৰীয় কেবিনেটৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত পৰৱর্তী ৰাষ্ট্রীয় লোকপিয়লৰ অংশ হিচাপে জাতি জনগণনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে মোদী চৰকাৰে৷ বৈঠকৰ অন্তত এই সিদ্ধান্তৰ বিষয়ে জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

বিৰোধীৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত সমীক্ষাক তীব্ৰ সমালোচনা কৰি তেওঁ কয়, “বহু বছৰ ধৰি জাতি জনগণনাক লৈ অনিশ্চয়তা আছিল। এইবাৰ চৰকাৰে স্থায়ী সমাধান আনিছে। এতিয়া আৰু ৰাজ্যভিত্তিক বিভাজন নহ’ব, লোকপিয়লৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ত একেলগে জাতি জনগণনা কৰা হ’ব।” অশ্বিনী বৈষ্ণৱে কয়, “আজি ৰাজনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে সিদ্ধান্ত লৈছে যে আগন্তুক লোকপিয়লৰ অংশ হিচাপে জাতি গণনা অন্তৰ্ভুক্ত কৰা হ’ব। এই বিষয়টো দীৰ্ঘদিন ধৰি ৰাজনৈতিক বিতৰ্কৰ কেন্দ্ৰবিন্দুত আছে। কোনোবাই স্বচ্ছভাৱে কৰিছিল, কোনোবাই কেৱল ভোটৰ ৰাজনীতিৰ বাবেই কৰিছিল। এতিয়াৰ পৰা ই কেন্দ্ৰীয় নিয়ন্ত্ৰণত থাকিব।”

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0