নতুন দিল্লী: সংশোধিত ৱাকফ আইন ২০২৫ৰ সাংবিধানিক বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা একাধিক আবেদনৰ আজি শুনানি গ্ৰহণ কৰে সৰ্বোচ্চ আদালতে। হাই ভল্টেজ এই শুনানিৰ ওপৰত সমগ্ৰ দেশে চকু ৰাখিছিল আজি। অৱশ্যে কোনো সিদ্ধান্ত নোহোৱাকৈয়ে অন্ত পৰে আজিৰ শুনানিৰ। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত গঠিত বিচাৰপীঠে কেন্দ্ৰৰ আবেদন মানি লৈ সংশোধিত আইনখনৰ কোনো ধাৰাত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰে।
আদালতে কয় যে বিশদ শুনানি আৰু পৰীক্ষাৰ অন্ততহে ৱাকফ আইন সন্দৰ্ভত চূড়ান্ত নিৰ্দেশনা জাৰি কৰা হ’ব। ফলত এই গোচৰৰ পৰৱৰ্তী শুনানি ১৫ মে’ত ধাৰ্য কৰা হৈছে। লক্ষ্যণীয় যে, এই গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত বিচাৰপীঠে। আজি সংক্ষিপ্ত শুনানিত মুখ্য ন্যায়াধীশ খান্নাই স্পষ্ট কৰি দিয়ে যে, “মই কোনো ৰায় বা অন্তৱৰ্তীকালীন আদেশ দিব বিচৰা নাই।