নতুন দিল্লী: জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ তিনিদিন পূৰ্বেই এই আক্ৰমণৰ তথ্য লাভ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে। তেওঁ কয় যে চোৰাংচোৱা সংস্থাই তেওঁক এই আক্ৰমণৰ সম্ভাৱনাৰ বিষয়ে অৱগত কৰিছিল, আৰু সেই তথ্যৰ ভিত্তিতে প্ৰধানমন্ত্ৰীয়ে শেষ মুহূৰ্তত শ্ৰীনগৰ ভ্ৰমণ বাতিল কৰিছিল। কিন্তু আক্ৰমণ সম্পৰ্কে পূৰ্বেই তথ্য লাভ কৰাৰ পিছতো কিয় প্ৰশাসনে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰিলে সেই প্ৰশ্ন উত্থাপন কৰিছে খাৰ্গেয়ে। আক্ৰমণৰ প্ৰায় দুসপ্তাহৰ পাছত মঙলবাৰে খাৰ্গেয়ে কয়, “চৰকাৰে চোৰাংচোৱাৰ বিফলতা মানি লৈছে।
তেওঁলোকে এই বিফলতা শুধৰণি কৰিবলৈ চেষ্টা কৰি আছে বুলি কৈছে। কিন্তু মোৰ প্ৰশ্ন হ’ল, যদি আগতীয়াকৈ আক্ৰমণৰ তথ্য আছিল, তেন্তে কিয় কোনো ব্যৱস্থা লোৱা নহ’ল? মই জানিব পাৰিছো যে আক্ৰমণৰ তিনিদিন পূৰ্বে প্ৰধানমন্ত্ৰীলৈ চোৰাংচোৱাৰ প্ৰতিবেদন প্ৰেৰণ কৰা হৈছিল। সেই প্ৰতিবেদনৰ ভিত্তিত তেওঁ শ্ৰীনগৰ ভ্ৰমণ বাতিল কৰিছিল। তাৰ পিছতো সাধাৰণ মানুহৰ নিৰাপত্তাৰ বাবে কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল?” জানিব পৰা মতে, পেহেলগাম আক্ৰমণৰ কিছুদিন পিছতে এটা চোৰাংচোৱাৰ প্ৰতিবেদন ৰাজহুৱা কৰা হৈছিল।