ডিজিটেল ডেস্কঃদেশৰ সৰ্বোচ্চ ন্যায়ালয়ে তিনি তালাক নিষিদ্ধ ঘোষণা কৰিলে কেন্দ্ৰই মুছলমানসকলৰ ক্ষেত্ৰত বিবাহ বিচ্ছেদৰ বাবে আইন প্ৰণয়ন কৰিব। দেশত বহুচৰ্চিত তিনি তালাকৰ বিষয়টোৰ লগতে বহুবিবাহ তথা নিকাহ হালালা আদিৰ ক্ষেত্ৰটো আইন প্ৰণয়ন কৰিবলৈ সাজু থকা বুলি আজি উচ্চতম ন্যায়ালয়ৰ আগত ব্যক্ত কৰে কেন্দ্ৰই।
কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি দেশৰ মহাধিবক্তা মুকুল ৰোহটগিয়ে উচ্চতম ন্যায়ালয়ত কয় যে তালাকৰ ক্ষেত্ৰত মুছলমান সমাজত মহিলাৰ অধিকাৰ পুৰুষৰ তুলনাত যথেষ্ট কম। তদুপৰি মুছলমান সম্প্ৰদায়কলৈ গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ আৰু কয় যে মুছলমান সমাজত মহিলাই সমান অধিকাৰ অইন সম্প্ৰদায়ৰ তুলনাত কম পায়।