Home ৰাজ্যশিৱসাগৰত অপৰিৱৰ্তিত অ’এনজিচিৰ ৰীগৰ গেছ নিৰ্গমন, প্ৰচেষ্টা অব্যাহত মাৰ্কিন বিশেষজ্ঞৰ

শিৱসাগৰত অপৰিৱৰ্তিত অ’এনজিচিৰ ৰীগৰ গেছ নিৰ্গমন, প্ৰচেষ্টা অব্যাহত মাৰ্কিন বিশেষজ্ঞৰ

by News Next One
A+A-
Reset

শিৱসাগৰঃ শিৱসাগৰৰ বাৰীচুকস্থিত অ’এনজিচিৰ অন্তৰ্গত ১৪৭(এ) ৰীগৰ গেছ নিৰ্গমণ অপৰিৱৰ্তিত হৈ আছে। ১৪৭(এ) ৰীগত আজিও অব্যাহত আছে গেছ নিৰ্গমন৷ আমেৰিকাৰ পৰা বিশেষজ্ঞ অনাৰ পিছতো গেছ নিৰ্গমন অব্যাহত থকাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। ১৩ দিন পাৰ হৈ গ’ল দিও গেছ নিৰ্গমণ ৰোধ কৰিব পৰা নাই অ’এনজিচিয়ে৷

আমেৰিকাৰ পৰা বিশেষজ্ঞ অনাৰ পিছতো বিপদ শাম-কটা নাই। ন ন কৌশলেৰে আমেৰিকাৰ বিশেষজ্ঞই প্ৰয়াস চলাইছে যদিও বৰ্তমানলৈকে সফল হ’ব পৰা নাই। অ’এনজিচিৰ নতুন দিল্লী কাৰ্যালয়ে এক প্ৰেছ বিবৃতি যোগে তৎপৰতা আৰু গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত সদৰী কৰে। অ’এনজিচিয়ে কয় যে ধাৰাসাৰ বৰষুণ আৰু কূপৰ প্ৰত্যাহ্বানপূৰ্ণ পৰিৱেশৰ মাজতো অ’এনজিচি আন্তঃৰাষ্ট্ৰীয় কূপ নিয়ন্ত্ৰণ বিশেষজ্ঞৰ সহযোগত ১৪৭(এ) নিয়ন্ত্ৰণ অভিযানত পৰিমাপিত আৰু কৌশলগত অগ্ৰগতি লাভ কৰিছে।

আনহাতে ৮০ মিটাৰ দৈৰ্ঘ্যৰ বুমসম্পন্ন ২০০ টনৰ ক্ৰেন এখন সংস্থাপন কৰাটো এই অভিযানৰ উল্লেখনীয় অগ্ৰগতি বুলি উল্লেখ কৰি ক্ৰেনখন বৰ্তমান সম্পূৰ্ণৰূপে কাৰ্যক্ষম আৰু উক্ত স্থানত জটিল কামসমূহত সহায় কৰি আছে। কূপ কেপিং অভিযানৰ প্ৰস্তুতি পৰ্বৰ এয়া গুৰুত্বপূৰ্ণ অগ্ৰগতি বুলিও আজিৰ বিজ্ঞপ্তিত দাবী কৰে অ’এনজিচিয়ে। অবিৰত বৃষ্টিপাতৰ বাবে গধুৰ ক্ৰেনখনৰ নিৰাপদ সংস্থাপন আৰু পৰিচালনা সুনিশ্চিত কৰিবলৈ উক্ত স্থানত কেইবাটাও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হয় বুলি বিজ্ঞপ্তিত জানিবলৈ দি অভিযানটোক গতিশীল কৰিবলৈ অ’এনজিচিৰ দলসমূহে তৎকালীনভাৱে সঁহাৰি জনাই উক্ত স্থানটো শক্তিশালী কৰি তোলে বুলিও উল্লেখ কৰে।

দিখৌ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ পোৱাৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক সংকট ব্যৱস্থাপনা দলে (আৰচিএমটি) পাম্প ব্যৱস্থাটো উচ্চ স্থানলৈ স্থানান্তৰিত কৰি নিৰৱচ্ছিন্নভাৱে কাৰ্যক্ষমতা নিশ্চিত কৰাৰ লগতে সুৰক্ষা প্ৰট’কল হিচাপে দিনে-নিশাই ‘ৱাটাৰ ব্লেংকেটিং’ চলি আছে বুলি জানিবলৈ দিয়ে। তদুপৰি ২৪ জুন তাৰিখে সম্পন্ন কৰা গেছৰ গঠন বিশ্লেষণত নিৰ্গমন হোৱা গেছত প্ৰায় ৯৭% মিথেন পোৱাৰ কথা সদৰী কৰি উক্ত অঞ্চলৰ গেছ পৰিচালনাযোগ্য আৰু নিৰাপদ পৰিমাপৰ ভিতৰত আছে আৰু চাৰিওফালৰ বাসস্থানৰ বাবে কোনো তাৎক্ষণিক বিপদ নাই বুলিও উল্লেখ কৰে উক্ত বিজ্ঞপ্তিত।

ইপিনে পৰিবেশ আইন উলংঘনৰ অভিযোগত অ’এনজিচিৰ বিৰুদ্ধে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে৷ ৰীগত সংঘটিত দুৰ্ঘটনাৰ পাছত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ-অসমৰ ৰোষত পৰিছে অএনজিচি। পৰিষদৰ অনুমতি অবিহনে ৰীগ স্থাপন আৰু পৰিচালনক লৈ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক সদস্য সচিব গকুল ভূঞাই এক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে অএনজিলৈ।

উক্ত ৱাৰ্ক-অভাৰ ড্ৰিল ছাইটত পৰিবেশ অনুমতি নোলোৱাকৈ কাম আৰম্ভ কৰি অএনজিয়ে Water Act, 1974, Air Act, 1981 আৰু Hazardous Waste Rules, 2016 উলংঘা কৰিছে বুলি অভিযোগ কৰিছে পৰিষদে। জাননীত অএনজিচিৰ বিৰুদ্ধে অভিযোগ তুলি পৰিসদে কয় যে অএনজিয়ে Consent to Establish (CTE) আৰু Consent to Operate (CTO) লোৱা নাছিল।ঘটনাৰ পাছত পৰিষদৰ বিষয়া-কৰ্মচাৰীয়ে ঘটনাস্থল পৰিদৰ্শন কৰি অনিয়ন্ত্রিতভাৱে গেছ ওলাই থ থকাৰ ফলত পৰিৱেশ তথা জনস্বাস্থ্যত গুৰুতৰ বিপদৰ সৃষ্টি হৈছে উল্লেখ কৰি এইয়া পৰিষদৰ নিয়মৰ উলংঘন বুলি উল্লেখ কৰে।

যাৰ বাবে পৰিষদে আগতেই TECH-12013/2/2025-CCA-PCBA নং নিৰ্দেশনা যোগে অএনজিক সকলো ড্ৰিল ছাইটত অনুমতি ল’বলৈ নিৰ্দেশ দিছিল, কিন্তু অএনজিয়ে এই নিৰ্দেশ উপেক্ষা কৰে বুলি উল্লেখ কৰিছে। উক্ত জাননীত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ (NGT)-ৰ ১৯ ফেব্ৰুৱাৰী ২০১৯ তাৰিখৰ ৰায় উদ্ধৃত কৰি, পৰিবেশ ক্ষতিপূৰণমূলক জৰিমনা আৰোপৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰা হৈছে আৰু এই জাননীৰ উত্তৰ অএনজিচিয়ে ১৫ দিনৰ ভিতৰত নিদিলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সদৰী কৰে।

ইফালে, শিৱসাগৰ জিলা প্ৰশাসনৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰশাসনে কেৱল ভুক্তভোগী লোকক ৰেচন প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে। ৰীগটো প্ৰশমিত কৰাৰ বাবে অএনজিচিয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ভৱিষ্যতে কি পৰিস্থিতিৰ সৃষ্টি হ’ব সেই সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনে অএনজিচিৰ সৈতে কোনো যোগাযোগত নাই। আনহাতে অ’এনজিচিয়ে এই দিশত শিৱসাগৰ জিলা প্ৰশাসনৰ সৈতে কোনো যোগাযোগ ৰখাৰ প্ৰয়োজন অনুভৱ নকৰাৰ এক পৰিৱেশ সৃষ্টি হৈছে।

কিয়নো উক্ত গেছ নিৰ্গমন হৈ থকা ৰীগটো বৰ্তমান অ’এনজিচিয়ে ‘ৱেল কেপিং অপাৰেচন’ৰ দ্বাৰা সম্পূৰ্ণ বন্ধ কৰি দিব।যাৰ ফলত ভৱিষ্যতৰ দিনত সেই ৰীগটো পুনৰ কাৰ্যক্ষম হৈ নুঠিব।ইতিমধ্যে উক্ত অঞ্চলত এক বৃহৎ তেল আৰু গেছৰ ভঁৰাল আছে বুলি বিশেষজ্ঞ মহলে উল্লেখ কৰিছে। এনে পৰিস্থিতিত ৰীগটো সম্পূৰ্ণ বন্ধ কৰি দিয়াৰ ফলত উক্ত অঞ্চলত থকা এক বৃহৎ খনিজ ভাণ্ডাৰ অথলে যাব নেকি এনে এক প্ৰশ্নৰ অৱতাৰণা হৈছে।

অ’এনজিচিয়ে যিহেতু এই বিষয়ত সংবাদ মাধ্যমৰ সৈতে কোনো প্ৰতক্ষ্য যোগাযোগ নাৰাখে গতিকে বিষয় সন্দৰ্ভত অএনজিচিয়ে শিৱসাগৰ জিলা প্ৰশাসনক কিবা অৱগত কৰা হৈছিল নেকি তাক জানিব বিচৰা হৈছিল যদিও প্ৰশাসনৰ হাতত কোনো উত্তৰ নাই। অৰ্থাৎ শিৱসাগৰ জিলাত সঞ্চিত হৈ থকা এক বৃহৎ খনিজ ভাণ্ডাৰক লৈ কোনো দায়িত্ব নাই শিৱসাগৰ জিলা প্ৰশাসনৰ।উক্ত দুৰ্যোগৰ সময়ত জিলা প্ৰশাসনৰ তৰফৰ পৰা যোগাযোগ সুচল কৰিবলৈ এগৰাকী অতিৰিক্ত আয়ুক্তক দায়িত্ব দিয়া হৈছে যদিও তেওঁৰ সৈতে অএনজিচিৰ যোগাযোগ বিচ্ছিন্ন।

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0