Home ক্ৰীড়ানগাঁৱত অনন্ত কুমাৰ দাস সোঁৱৰণী ফুটবলত সান্নিধ্য-কে ৱাই চিৰ খেল ড্ৰ’

নগাঁৱত অনন্ত কুমাৰ দাস সোঁৱৰণী ফুটবলত সান্নিধ্য-কে ৱাই চিৰ খেল ড্ৰ’

by News Next One
A+A-
Reset

নগাঁওঃ নগাঁও ক্ৰীড়া সংস্থাৰ সৌজন্যত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা অনন্ত কুমাৰ দাস সোঁৱৰণী চতুৰ্থ ডিভিজন আন্তঃক্লাব ফুটবল লীগৰ আজি অনুষ্ঠিত খেল দুখনৰ এখন খেলত ১ নং গ্ৰাউণ্ডৰ পূৱ হাতীচোঙৰ ফুলনিআটিৰ সান্নিধ্য আৰু খুটিকটীয়া ইয়ুথ ক্লাবৰ (কেৱাইচি) মাজৰ খেলখন ৩-৩ গ’লত ড্ৰ’ হয়৷

তুমুল প্ৰতিদ্বন্দিতামূলক খেলখনত ক্ৰীড়া সংগঠক দেৱজ্যোতি গোস্বামী, দীপশিখা বৰা আৰু এন আৰ ছিদ্দিকীৰ পৰিচালনা তথা অভিজ্ঞতা সম্পন্ন মানসজ্যোতি জমিদাৰৰ প্ৰশিক্ষণৰে পুষ্ট সান্নিধ্য দলৰ হৈ চেমচং ইংতি, সূৰজ টিমুং আৰু কৃষ্ণ বাচফৰে গ’লকেইটা দিয়াৰ বিপৰীতে কে ৱাই চিৰ হৈ নিলম দাস, আফটাৰ হুছেইন আৰু উমেশ দেউৰীয়ে গ’লকেইটা দিয়ে৷

আনহাতে, ২ নং গ্ৰাউণ্ডত অনুষ্ঠিত দিনটোৰ আনখন খেলত বায়ু ক্লাবে সূৰ্যোদয়ক ৮-২ গ’লত হৰুৱাই সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে৷

লাংহিনত ফুটবল লীগত ৰৈছুমৈ-দৈমালুৰ খেল ড্ৰ’

কাৰ্বি আংলং জিলাৰ লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ উদ্যোগত গৰৈমাৰী ষ্টেডিয়ামত সামৰণিৰ দিশে আগবঢ়া হৰেন্দ্ৰ স্বৰ্গীয়াৰী আৰু হৰিমন বসুমতাৰী সোঁৱৰণী ট্ৰফী প্ৰথম ডিভিজন আন্তঃক্লাব ফুটবল লীগ চেম্পিয়নশ্বিপৰ আজি অনুষ্ঠিত বাগচামাৰী ৰৈছুমৈ ক্লাব আৰু চনাৰিজান দৈমালু ক্লাবৰ মাজৰ খেলখন ৪-৪ গ’লত ড্ৰ’ হয়৷

খেলখনত দৈমালু ক্লাবৰহৈ ৰোহিত বসুমতাৰী আৰু বিক্ৰম বসুমতাৰীয়ে দুটাকৈ গ’ল দিয়াৰ বিপৰীতে ৰৈছুমৈ ক্লাবৰ হৈ ধৗৰম ৱাৰীয়ে তিনিটা আৰু চৗমখৰ নাৰ্জাৰীয়ে এটাকৈ গ’ল দিয়ে৷

খেলখন পৰিচালনা কৰাত ৰেফাৰী নাৰায়ণ বসুমতাৰীক সহায় কৰে ধনঞ্জয় খাখলাৰী, টংকেশ্বৰ খাখলাৰী আৰু বি. আলচিয়াৰী (চতুৰ্থ) য়ে৷ লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ বিষয়ববীয়া নাৰায়ণ বসুমতাৰীয়ে জানিবলৈ দিয়া মতে, মঙলবাৰৰ খেলত আমগুৰি সীমদীন ক্লাবে শান্তিপুৰ বনঝাৰ ক্লাবৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব৷

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0