Home ৰাজনীতিবিজেপিয়ে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লগত অন্যায় কৰিছেঃ গৌৰৱ গগৈ

বিজেপিয়ে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লগত অন্যায় কৰিছেঃ গৌৰৱ গগৈ

by News Next One
A+A-
Reset

ওদালগুৰিঃ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈৰ দুদিনীয়া ওদালগুৰি ভ্ৰমণৰ আজি অন্তিমটো দিন। আজি পুৱাৰ ভাগতে কংগ্ৰেছ সভাপতিগৰাকী উপস্থিত হয় ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰত। তেওঁ সত্ৰৰ বিষয়ববীয়াৰ সৈতে মিলিত হৈ সত্ৰখনৰ বিষয়ে বুজ লয়।

ইয়াৰ পিছত তেওঁ পোনে পোনে গৈ উপস্থিত হয় ওদালগুৰিৰ হৰপুৰস্থিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিস্থলীত। বডোফাৰ প্ৰতিমূৰ্তিৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পণ কৰে কংগ্ৰেছ সভাপতি গগৈয়ে।

ইয়াৰ পিছত আন কেইবাটাও কাৰ্যসূচীৰ অন্তত গৌৰৱ গগৈ উপস্থিত হয় ওদালগুৰি বিষ্ণু ৰাভা কৃষ্টি সংঘ প্ৰাংগণত অনুষ্ঠিত কৰ্মীসভাত। কৰ্মীসভাখনত কংগ্ৰেছ কৰ্মীৰ সংখ্যা আছিল তেনেই কম।

উপস্থিত কংগ্ৰেছ কৰ্মীক উদ্দেশ্যি ভাষণ প্ৰদানৰ অন্তত সাংবাদিকৰ সন্মুখত কেতবোৰ মন্তব্য কৰে গৌৰৱ গগৈয়ে। তেওঁ কয়, “বিটিআৰ নিৰ্বাচনত ৰাইজে বিকল্প বিচাৰে। ৰাইজে গম পাইছে যে ইউপিপিএল-বিপিএফৰ ৰিম’ট কণ্ট্ৰ’ল হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে। আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাই কলংকিত মন্ত্ৰীসকলক সুৰক্ষা (সংৰক্ষণ) দি আছে।

সাংবাদিকে যেতিয়াই মুখ্যমন্ত্ৰীক তেওঁৰ মন্ত্ৰীৰ কলংকৰ কথা সোধে, তেতিয়াই মুখ্যমন্ত্ৰীয়ে সুৰক্ষা প্ৰদান কৰি আহিছে। গৰুচোৰ কাণ্ডৰ লগত জড়িতই হওক বা দুশ কোটি টকাৰ মহল বনোৱাই হওক, বা কোনোবাই যদি অবৈধভাৱে বাগান বা ভূমি লৈছে, এইক্ষেত্ৰতো তেওঁ সুৰক্ষা প্ৰদান কৰি আহিছে।

যাৰ বাবে ৰাইজে বিকল্প হিচাপে কংগ্ৰেছ দলক আদৰিবলৈ লৈছে।” ইফালে উচ্ছেদ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, “তেওঁলোকে মন্ত্ৰীসকলে একেদিনাই বহু মাটি লোৱা বিষয়ৰ তদন্ত নকৰে। বুলড’জাৰ দুখীয়া মানুহৰ ওপৰত চলিব। কিন্তু বিজেপি নেতা-পালিনেতাক ভূমি দখল কৰাৰ বাবে ফ্ৰী হেণ্ড দিছে।

আজি বিজেপিৰ নেতা-পালিনেতায়ো ভিজিআৰৰ মাটি দখল কৰিছে। বিজেপিয়ে নিজৰ নেতা-পালিনেতাৰ বাবে মাটি লুট, টকা লুট, গৰু লুট আদিৰ বাবে দুৱাৰ মুকলি কৰি ৰাখিছে। বিজেপিয়ে এক ৰাতিৰ ভিতৰত ৪০ হাজাৰ বিঘা মাটি আদানি-আম্বানিক দিছে।

কিন্তু বিটিআৰ অঞ্চলত কিমান ৰাইজক তেওঁলোকে ভূমি পট্টা প্ৰদান কৰিব পাৰিছে? বিজেপিয়ে সকলোৰে ওপৰত অন্যায় কৰিছে। উজনি অসমত খিলঞ্জীয়া লোকৰ পথাৰত বুলড’জাৰ চলাইছে। নামনি অসমত ধৰ্মীয় সংখ্যালঘু লোকক উচ্ছেদ চলাইছে। সমাজৰ প্ৰতিটো শ্ৰেণীৰ ওপৰত অন্যায় কৰিছে।”

একেদৰে সাংবাদিক সন্দৰ্ভত সময়ে সময়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি গগৈয়ে কয়, “তেওঁলোকে নিজকে ওপৰৰ মানুহ বুলি ভাবে। সাংবাদিকৰ লগত কথা নাপাতি মালিকৰ লগত কথা পাতে।

আনকি সাংবাদিকসকলে নিজৰ নিৰাপত্তাক লৈও আজি চিন্তিত হৈছে বুলি গগৈয়ে মন্তব্য কৰে। আজি গৌৰৱ গগৈৰ এই ভ্ৰমণকালত উপস্থিত থাকে কংগ্ৰেছ নেত্ৰী ৰ’জলিনা তিৰ্কি, জিলা কংগ্ৰেছৰ সভাপতি ধনেশ্বৰ বড়োৰ লগতে প্ৰদেশ কংগ্ৰেছৰ পৰিদৰ্শক ৰিলন মোছাহাৰী, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক নীলিময় দাস (দ্বীপ)ৰ লগতে একাধিক কংগ্ৰেছ কৰ্মী।

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0