76
বৰহাটঃ চৰাইদেউ জিলাৰ ১০৬ নং সোণাৰি সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পঞ্চায়তৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ নামত স্থাপন কৰা টিউৱেলসমূহ সম্প্ৰতি বগাহাতীলৈ পৰিণত হৈছে ৷
অসম চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ চৰাইদেউ জিলাৰ সোণাৰি সংমণ্ডলৰ অধীনত স্থাপন কৰা এই টিউৱেলসমূহে জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগানৰ নামত ৰঙচুৱা, আইৰণযুক্ত তথা ফ্ল’ৰাইডযুক্ত পানী যোগান ধৰাৰ বাবে ৰাইজে ইয়াৰ পানী ব্যৱহাৰ কৰিবলৈ এৰি দিয়ে।