51
ডিজিটেল ডেস্কঃ বিতৰ্কৰ আৱৰ্তত থকা তিনি তালাকৰ সপেক্ষে মাত মাতিলে অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল’ ব’ৰ্ডৰ অধিবক্তা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিব্বালে৷
আজি উচ্চতম ন্যায়ালয়ত প্ৰাক্তন ছিব্বালে তিনি তালাকৰ সৈতে ইছলামধৰ্মী লোকসকলৰ আস্থা জড়িত হৈ আছে বুলি উল্লেখ কৰে৷ তদুপৰি তিনি তালাকক ৰামৰ জন্মভূমি অযোধ্যাৰ সৈতেও তুলনা কৰে অধিবক্তাগৰাকীয়ে৷