নগাঁওঃ কাৰ্বি আংলং জিলাৰ লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ উদ্যোগত গৰৈমাৰী ষ্টেডিয়ামত সদ্যসমাপ্ত হৰেন্দ্ৰ স্বৰ্গীয়াৰী আৰু হৰিমন বসুমতাৰী সোঁৱৰণি ট্ৰফী প্ৰথম ডিভিজন আন্তঃক্লাব ফুটবল লীগত বিৰুপাৰা ৰংজালু ক্লাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে৷ এই লীগৰ যোৱা ১৩ জুলাইত অনুষ্ঠিত ফাইনেলত ৰংজালু ক্লাবে শান্তিপুৰ বনঝাৰ ক্লাবক টাইব্ৰেকাৰত সামগ্ৰিকভাৱে ৫-৩ (৩-৩) গ’লত পৰাজিত কৰে৷
তুমুল প্ৰতিদ্বন্দ্বিতামূলক খেলখলৰ নিৰ্ধাৰিত সময়ত ৰংজালু ক্লাবৰ হৈ বুহুম বসুমতাৰী, মনজিত নাৰ্জাৰী আৰু থৰেন বসুমতাৰীয়ে গ’লকেইটা দিয়াৰ বিপৰীতে বনঝাৰ ক্লাবৰহৈ ডেৰশ্ৰাং বসুমতাৰী, বানেশ্বৰ বসুমতাৰী আৰু ধোনী বসুমতাৰীয়ে গ’লকেইটা দিয়ে৷ টাইব্ৰেকাৰত ৰংজালু ক্লাবৰহৈ বীৰচৗম বসুমতাৰী আৰু উপেন বসুমতাৰীয়ে গ’ল দিয়াৰ বিপৰীতে বনঝাৰ ক্লাবৰ কোনো খেলুৱৈয়ে গ’ল স্ক’ৰ কৰিবলৈ সক্ষম নহ’ল৷
ফাইনেল খেলখন পৰিচালনা কৰাত ৰেফাৰী অলংবাৰ স্বৰ্গীয়াৰীক সহায় কৰে লুকাছ বসুমতাৰী, ধনঞ্জয় খাখলাৰী আৰু নবীন ৰামচিয়াৰী( চতুৰ্থ )য়ে৷
আনহাতে, লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ বিষয়ববীয়া নাৰায়ণ বসুমতাৰীয়ে জানিবলৈ দিয়ামতে, চলিত বৰ্ষৰ দ্বিতীয় ডিভিজন আন্তঃক্লাব ফুটবলত ইটাপাৰা জনপ্ৰিয় ক্লাব চেম্পিয়ন আৰু খেজুৰগাঁও শ্বিল্ড ক্লাব ৰাণাৰ আপ হোৱাৰ বিপৰীতে তৃতীয় ডিভিজনত ভেটাপাৰা এফ চি চেম্পিয়ন আৰু ধৰমপুৰ লাইমন ক্লাব ৰাণাৰ আপ হৈছে৷
ইপিনে, এই লীগৰ অন্তত অনুষ্ঠিত সামৰণি অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰী আৰু কাৰ্বি আংলঙৰ প্ৰাক্তন বি এল টি কল্যাণ ছ’চাইটিৰ সভাপতি শান্তনু বসুমতাৰীৰ উপস্থিতিত প্ৰথম ডিভিজনৰ চেম্পিয়ন ট্ৰফীৰ দাতা ৰত্নাকৰ স্বৰ্গীয়াৰী আৰু পৰিয়ালবৰ্গ, ৰাণাৰ-আপ ট্ৰফীৰ দাতা নাৰায়ণ বসুমতাৰী, দ্বিতীয় ডিভিজনৰ প্ৰাইজমানি সহ বিজয়ী ট্ৰফীৰ দাতা ধনেশ শ্বাহ আৰু পৰিয়ালবৰ্গ, ৰাণাৰ-আপৰ দাতা অলংবাৰ স্বৰ্গীয়াৰী, তৃতীয় ডিভিজনৰ চেম্পিয়ন ট্ৰফী সহ প্ৰইজমানিৰ দাতা প্ৰবীৰ দত্ত আৰু পৰিয়ালবৰ্গ, ৰাণাৰ-আপৰ প্ৰাইজমানি সহ ট্ৰফীৰ দাতা সৗমড’ন আলচিয়াৰীয়ে আগবঢ়ায়৷
উল্লেখ্য যে, প্ৰথম ডিভিজনৰ চেম্পিয়ন আৰু ৰাণাৰ আপ দলৰ প্ৰাইজমানি কাৰ্বি আংলঙৰ প্ৰাক্তন বি এল টি কল্যাণ ছ’চাইটিয়ে আগবঢ়াইছে৷ প্ৰথম ডিভিজন লীগত ৰৈছুমৈ এফ চিৰ ধৗৰম ৱাৰীয়ে সৰ্বোচ্চ গ’লদাতা, শ্ৰেষ্ঠ খেলুৱৈ ৰংজালুৰ থৰেন বসুমতাৰীয়ে আৰু শ্ৰেষ্ঠ গ’লৰক্ষক ৰোহন বসুমতাৰীয়ে লাভ কৰে৷
