নতুন দিল্লীঃ পাঁচ বছৰৰ বিৰতিৰ অন্তত অৱশেষত চীনৰ নাগৰিকক পুনৰ পৰ্যটন ভিছা প্ৰদান কৰিব ভাৰতে। গালৱান উপত্যকাত সংঘটিত হোৱা সামৰিক সংঘৰ্ষৰ পিছত দ্বিপাক্ষিক সম্পৰ্কত গঢ় লৈ উঠা ভয়াৱহ উত্তেজনা নিৰাময় প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তৰ জৰিয়তে দুয়োখন দেশৰ সম্পৰ্ক স্বাভাৱিক হোৱাৰ আশা কৰা হৈছে।
উল্লেখ্য যে, ভাৰতে ২০২০ চনত কোভিড-১৯ মহামাৰীৰ বাবে চীনৰ নাগৰিকক পৰ্যটন ভিছা প্ৰদান কৰাটো বহুলাংশে বন্ধ কৰি দিছিল। কিন্তু পূব লাডাখ সীমান্ত সংঘাতৰ বাবে এই নিষেধাজ্ঞা দীৰ্ঘদিন ধৰি চলি আছিল।
বেইজিঙত থকা ভাৰতীয় দূতাবাসে বৃহস্পতিবাৰৰ পৰা চীনৰ নাগৰিকে পৰ্যটন ভিছাৰ বাবে আবেদন কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। এক অধিসূচনাযোগে দূতাবাসে ভিছা আবেদনৰ প্ৰয়োজনীয় প্ৰক্ৰিয়া আৰু বেইজিং, চাংহাই আৰু গুৱাংঝোত অৱস্থিত নিজ নিজ ভাৰতীয় ভিছা আবেদন কেন্দ্ৰত দাখিল কৰিবলগীয়া নথি-পত্ৰৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰিছে।
ইফালে, চীনৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতৰ এই পৰ্যটন ভিছা প্ৰৱৰ্তনৰ সিদ্ধান্তক আদৰণি জনাই সীমা অতিক্ৰম কৰি যাতায়তৰ সুবিধাৰ বাবে ই এক ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰে।
ভাৰতৰ এই সিদ্ধান্ত সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুও জিয়াকুনে সংবাদমেলত কয় যে এয়া এক ইতিবাচক পদক্ষেপ। তেওঁ লগতে কয়, “সীমান্ত অতিক্ৰম কৰি ভ্ৰমণৰ সুবিধা প্ৰদান কৰিলে সকলো পক্ষৰ স্বাৰ্থ পূৰণ হয়। দুয়োখন দেশৰ মাজত জনসাধাৰণৰ মাজত আদান-প্ৰদানৰ সুবিধাৰ বাবে ভাৰতৰ সৈতে যোগাযোগ আৰু সমন্বয় বজাই ৰাখিবলৈ চীন সাজু।”
ভাৰতীয় দূতাবাসে এই পৰ্যটন ভিছা পুনৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বেইজিঙত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ সমকক্ষ ৱাং য়ীৰ মাজত প্ৰায় ডেৰ সপ্তাহ ধৰি বিতং আলোচনাৰ অন্তত। জয়শংকৰে প্ৰথমে ১৪-১৫ জুলাইত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ বৈদেশিক মন্ত্ৰী সন্মিলনত অংশগ্ৰহণৰ বাবে চীন ভ্ৰমণ কৰিছিল। তাত তেওঁ চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝেঙৰ সৈতেও আলোচনা কৰি দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিককৰণ অব্যাহত ৰখাৰ ফলত পাৰস্পৰিকভাৱে লাভজনক ফলাফল আহিব পাৰে বুলি কয়।
যোৱা কেইমাহমানৰ ভিতৰত ভাৰত আৰু চীনে ২০২০ চনৰ জুন মাহত দুয়োখন সেনাৰ মাজত হোৱা মাৰাত্মক সংঘৰ্ষৰ পিছত সংকটজনক অৱস্থাত উপনীত হোৱা দ্বিপাক্ষিক সম্পৰ্ক মেৰামতিৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা বৰ্ষৰ অক্টোবৰ মাহত ভাৰত আৰু চীনৰ সেনাই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এল এ চি) মুখামুখি হোৱাৰ পিছত সম্পৰ্ক স্বাভাৱিক কৰাৰ প্ৰচেষ্টা আৰম্ভ হৈছিল।
ৱাং য়িৰ সৈতে হোৱা বৈঠকত মুকলি ভাষণত জয়শংকৰে কয় যে দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত “বহল দৃষ্টিভংগী” লোৱাটো প্ৰয়োজন। যোৱা মাহত দুয়োখন দেশে প্ৰায় পাঁচ বছৰৰ মূৰত পুনৰ কৈলাশ মানসৰোৱৰ যাত্ৰা আৰম্ভ কৰিছিল।
