98
ৰঙিয়াঃ সমগ্ৰ নামনি অসমতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক টিকাকৰণক লৈ যি উৰাবাতৰিৰ সৃষ্টি হৈছে ইয়াক লৈ কেৱল ৰাজ্য চৰকাৰেই নহয় সমস্যাত পৰিছে বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীও।
আজি ৰঙিয়াৰ আগশাৰীৰ তিনিখন বিদ্যালয়ত এনে ঘটনা সংঘটিত হোৱাত আতংকৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। যাৰ ফলত কামৰূপ জিলাৰ উপায়ুক্ত বিনোদ চেচান ৰঙিয়াত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’ব লগা হয়।