ডিমৌঃ চাওঁতে চাওঁতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথম বৰ্ষপূৰ্তি পালেহি। বছৰ পাৰ হ’বৰ হ’ল যদিও পৰিবৰ্তনৰ শ্লোগান শ্লোগানেই হৈ ৰ’ল। গ্ৰামাঞ্চলৰ জনতাৰ বান, গৰাখহনীয়া, যাতায়াত সমস্যা সমস্যা হৈয়েই ৰ’ল।
বাৰিষা অহাৰ লগে লগে আকৌ দুৰ্ভোগৰ মুখামুখি হ’বলৈ যেন সাজু হৈছে ভুক্তভোগী গঞা। বছৰি বান, গৰাখহনীয়া সমস্যাই সৰ্বস্বান্ত কৰাটো পৰম্পৰা হৈ পৰা শিৱসাগৰ জিলাৰ থাওৰা বিধানসভা সমষ্টিৰ বকতা মৌজাৰ খামোন মাহখোৱাবাৰী গাঁৱৰ ৰাইজেও পূৰ্বৰ দৰে এইবাৰো আশংকাত ভুগিছে।