গোৰেশ্বৰঃ বাগছা জিলাৰ গোৰেশ্বৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ নাওকাটা শাখাৰ পৰা গ্ৰাহকৰ অজ্ঞাতে বিপিএফ নেতাই ধন উলিয়াই নিয়াত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিবলৈ পোৱা মতে আজি ৫নং গোৰেশ্বৰ গেৰুৱাৰ আইনুদ্দিন আলী নামৰ এজন লোকে অসম গ্ৰামীণ বিকাশ বেংকৰ নাওকাটা শাখাৰ পৰা নিজৰ জমা ধন উলিয়াবলৈ আহে৷
কিন্তু লোকজনে টকা উলিয়াবলৈ যোৱাত বেংক কৰ্তৃপক্ষই তেওঁৰ একাউণ্টত ধন নাই বুলি কয়৷ তেওঁ বেংক কৰ্মচাৰীক একাউণ্টৰ জমা ধন সন্দৰ্ভত জানিব বিচৰাত বেংক কৰ্তৃপক্ষই সদুত্তৰ নিদিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷