বোকাজানঃ অসম কাৰাটে-ড’ সন্থাৰ উদ্যোগত যোৱা ১৩ আৰু ১৪ মে’ত গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চতুৰ্থ টেনছিনকান-ড’ চেম্পিয়নশ্বিপত বোকাজান কাৰাটে-ড’ সন্থাৰ ৬ গৰাকী খেলুৱৈয়ে পাহাৰীয়া জিলা কাৰ্বি আংলংলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷
অসমৰ ২৬ খন জিলাৰ মুঠ ৪০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত বোকাজানৰ ৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে৷ ইয়াৰে ৬ গৰাকী খেলুৱৈ ক্ৰমে সুমিত ৰংহাঙে পুৰুষৰ কুমিটেৰ জ্যেষ্ঠ শাখাত সোণৰ পদক, গোম্পটি কুৰ্মীয়ে মহিলাৰ কাটা আৰু কুমিটেৰ জ্যেষ্ঠ শাখাত একোটাকৈ ৰূপৰ আৰু ব্ৰঞ্জৰ পদক জয় কৰে।