Home বিশ্বৰাছিয়াৰ কামচাটকাত ৮.৮ প্ৰাবল্যৰ ভূমিকম্প, ছুনামিৰ আশংকা

ৰাছিয়াৰ কামচাটকাত ৮.৮ প্ৰাবল্যৰ ভূমিকম্প, ছুনামিৰ আশংকা

by News Next One
A+A-
Reset

মস্কো: ৰাছিয়াৰ সুদূৰ পূৰ্বৰ কামচাটকা উপদ্বীপৰ সমুদ্ৰৰ তলত ২৯ জুলাইৰ মাজনিশা হোৱা এটা ভয়ংকৰ ভূমিকম্পই আতংকৰ সৃষ্টি কৰে। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৮.৮, যিটো বিশ্বৰ ইতিহাসত আটাইতকৈ শক্তিশালী ভূমিকম্পবোৰৰ ভিতৰত ষষ্ঠ হিচাপে গণ্য কৰা হৈছে।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থাৰ (USGS) মতে, এই ভূমিকম্প পেট্ৰ’পাভলভস্ক-কামচাটকা চহৰৰ পৰা ১৩৬ কিলোমিটাৰ দক্ষিণ-পূবত মাত্ৰ ১৯.৩ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল।

এই ভূমিকম্পৰ ফলত প্ৰশান্ত মহাসাগৰৰ বিস্তীৰ্ণ অঞ্চলত ছুনামিৰ ঢৌৱে আঘাত হানে, যাৰ প্ৰভাৱ ৰাছিয়াৰ কুৰিল দ্বীপপুঞ্জৰ পৰা জাপানৰ হক্কাইড’, আমেৰিকাৰ হাৱাই, কেলিফৰ্নিয়া, আলাস্কা আৰু আন কেইবাখনো দেশত অনুভৱ কৰা গৈছে।

কামচাটকাৰ পেট্ৰ’পাভলভস্ক-কামচাটকা চহৰত ভূমিকম্পৰ সময়ত মানুহে ভয়ত ঘৰৰ পৰা ওলাই পথলৈ দৌৰিছিল। কামচাটকাৰ গৱৰ্ণৰ ভ্লাদিমিৰ ছ’ল’দভে কৈছে যে এই ভূমিকম্প কেইবা দশকৰ ভিতৰত সবাতোকৈ ভয়ংকৰ আছিল।

কেইবাটাও ঘৰ-বাৰীৰ দেৱালত ফাট মেলিছে আৰু এটা শিশু শিক্ষা কেন্দ্ৰৰ এটা অংশ ভাঙি পৰিছে। বিদ্যুৎ আৰু মোবাইল নেটৱৰ্কতো সমস্যাৰ সৃষ্টি হৈছিল, যাৰ ফলত মানুহৰ মাজত আতংকৰ পৰিমাণ বাঢ়িছিল।

ৰাছিয়াৰ জৰুৰীকালীন মন্ত্ৰালয়ৰ মতে, বৰ্তমানলৈকে কোনো প্ৰাণহানিৰ খবৰ নাই যদিও কেইজনমান লোকে ভয়ত বা পলাই যাওঁতে সৰু-সুৰা আঘাত পায়। ভূমিকম্পৰ কিছু সময়ৰ পাছতে প্ৰশান্ত মহাসাগৰীয় ছুনামি সতৰ্কবাণী কেন্দ্ৰই কুৰিল দ্বীপপুঞ্জৰ চেভেৰ’-কুৰিলস্কত ৩ৰ পৰা ৫ মিটাৰ উচ্চতাৰ সুনামীৰ ঢৌৰ সতৰ্কবাণী জাৰি কৰিছিল।

এই ঢৌৱে স্থানীয় বন্দৰ আৰু মাছ ধৰা গাঁৱৰ কিছু অংশত পানী ভৰ্তি কৰি দিছিল। চেভেৰ’-কুৰিলস্কৰ প্ৰায় ৩০০ জন লোকক উচ্চভূমিলৈ লৈ যোৱা হয় আৰু স্থানীয় প্ৰশাসনে জৰুৰী অৱস্থা ঘোষণা কৰে। বুধবাৰে সন্ধিয়াৰ ভিতৰত ছুনামিৰ সতৰ্কবাণী উঠাই লোৱা হৈছে, যদিও সৰু সৰু ঢৌৰ আশংকা এতিয়াও আছে।

ভূমিকম্পৰ পাছত কামচাটকাৰ বিখ্যাত ক্লিউচেভস্কয় আগ্নেয়গিৰি সক্ৰিয় হৈ উঠিছে, যিটো ইউৰেছিয়াৰ সৰ্বোচ্চ সক্ৰিয় আগ্নেয়গিৰি।

ৰাছিয়াৰ বিজ্ঞান একাডেমীৰ মতে, আগ্নেয়গিৰিৰ পৰা জ্বলন্ত লাভা আৰু ধোঁৱা ওলাইছে, যিটো স্থানীয় লোকৰ মাজত অতিৰিক্ত চিন্তাৰ কাৰণ হৈ পৰিছে।

এই ভূমিকম্পৰ ছুনামিৰ প্ৰভাৱ জাপানৰ হক্কাইড’তো পৰিলক্ষিত হৈছে, য’ত ৩০ চেণ্টিমিটাৰৰ পৰা ১.৩ মিটাৰ উচ্চতাৰ ঢৌ উঠিছিল। জাপানৰ বতৰ বিজ্ঞান সংস্থাই (JMA) প্ৰায় ১৯ লাখ লোকক নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ দিছিল।

আমেৰিকাৰ হাৱাইত ১.৮ মিটাৰ উচ্চতাৰ ঢৌৱে উপকূলত আঘাত হানিছিল, কিন্তু গৱৰ্ণৰ জোছ গ্ৰীনৰ মতে ডাঙৰ ক্ষতিৰ খবৰ পোৱা নাই।

কেলিফৰ্নিয়াৰ ক্ৰেছেণ্ট চিটিত ১.০৯ মিটাৰ আৰু এৰিনা ক’ভত ০.৯ মিটাৰ উচ্চতাৰ ঢৌ দেখা গৈছিল। ফ্ৰেঞ্চ পলিনেছিয়া, চিলিৰ ইষ্টাৰ দ্বীপ, পেৰু, ইকুৱেডৰ আৰু ফিলিপাইনছৰ দৰে দেশতো ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছিল। বুধবাৰে সন্ধিয়াৰ ভিতৰত বহু দেশে এই সতৰ্কবাণী উঠাই লয়।

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0