Home শীৰ্ষ খবৰবন্ধু বন্ধু বুলি কৈও ভাৰতৰ ওপৰত ‘শুল্কাঘাত’ ড’নাল্ড ট্ৰাম্পৰ! আৰোপ কৰিলে ২৫% ৰপ্তানি শুল্ক

বন্ধু বন্ধু বুলি কৈও ভাৰতৰ ওপৰত ‘শুল্কাঘাত’ ড’নাল্ড ট্ৰাম্পৰ! আৰোপ কৰিলে ২৫% ৰপ্তানি শুল্ক

by News Next One
A+A-
Reset

ৱাশ্বিংটনঃ ভাৰতৰ ওপৰত মাধমাৰ মোদীৰ ‘বন্ধু’ ড’নাল্ড ট্ৰাম্পৰ। ৰাছিয়াৰ পৰা শক্তি আৰু প্ৰতিৰক্ষা সঁজুলি ক্ৰয়, উচ্চ শুল্ক আৰু “অসহনীয় অমূল বাণিজ্যিক বাধা”ৰ অভিযোগ উত্থাপন কৰি ভাৰতীয় ৰপ্তানিৰ ওপৰত ২৫ শতাংশ শুল্ক আৰু অতিৰিক্ত জৰিমনা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ১ আগষ্টৰ পৰা নতুন শুল্ক কাৰ্যকৰী হ’ব বুলি কৈ ট্ৰাম্পে স্পষ্টভাৱে কয় যে চলি থকা ‘মিনি ডীল’ এতিয়া সম্ভৱ নহয়।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে যৌথ বিবৃতিত ঘোষণা কৰিছিল যে চলিত বৰ্ষৰ শেষৰ ফালে দ্বিপাক্ষিক বাণিজ্যিক চুক্তি সম্পাদন কৰিব। ইয়াৰ উপৰিও দুয়োখন দেশৰ মাজত অস্থায়ী ‘মিনি ডীল’ৰ ওপৰত আলোচনা চলি আছিল, যাৰ জৰিয়তে ভাৰতকে ধৰি কেইবাখনো দেশৰ ওপৰত ঘোষণা কৰা কাউণ্টাৰ টেৰিফ কিছু পৰিমাণে হ্ৰাস কৰিব পৰা গ’লহেঁতেন।

কিন্তু ২৮ জুলাইত আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰীৰৰ মন্তব্যই ইংগিত দিছিল যে আগষ্টৰ সময়সীমালৈকেও চুক্তি অসম্ভৱ। অৱশেষত ৩০ জুলাইত ট্ৰাম্পৰ ঘোষণাই সেই সম্ভাৱনাক নুই কৰে। ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে, “যদিও ভাৰত আমাৰ বন্ধু, তেওঁলোকৰ শুল্ক বিশ্বৰ ভিতৰতে সৰ্বোচ্চৰ অন্যতম আৰু তেওঁলোকৰ নন-কোৰ বাণিজ্যিক বাধাসমূহ আটাইতকৈ জটিল আৰু অসহনীয়।

ইয়াৰ উপৰিও তেওঁলোকে বছৰ বছৰ ধৰি ৰাছিয়াৰ পৰা প্ৰতিৰক্ষা সঁজুলি ক্ৰয় কৰি আহিছে আৰু ৰাছিয়াৰ অন্যতম প্ৰধান শক্তি ক্ৰেতা। যি সময়ত সমগ্ৰ বিশ্বই ইউক্ৰেইনত হত্যাকাণ্ড বন্ধ কৰিবলৈ ৰাছিয়াক আহ্বান জনাইছে, সেই সময়ত ভাৰতৰ স্থিতি গ্ৰহণযোগ্য নহয়। সেয়ে ১ আগষ্টৰ পৰা ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰু অতিৰিক্ত জৰিমনা কাৰ্যকৰী কৰা হ’ব।” এই ঘোষণাই স্পষ্ট কৰি দিছে যে পূৰ্বে ভাবুকিৰ সন্মুখীন হোৱা ২৬ শতাংশ শুল্কতকৈ ই কিছু কম যদিও “জৰিমনা”ৰ প্ৰকৃতি আৰু পৰিমাণ এতিয়াও স্পষ্ট নহয়।

ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে কয়, “আমি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই বক্তব্যৰ প্ৰভাৱৰ মূল্যায়ন কৰি আছো। বিগত কেইমাহমানৰ পৰা ভাৰত আৰু আমেৰিকাই এক ন্যায্য, সুষম আৰু পাৰস্পৰিকভাৱে লাভজনক বাণিজ্যিক চুক্তিৰ বাবে আলোচনাত লিপ্ত হৈছে। আমি এই লক্ষ্যত প্ৰতিশ্ৰুতিবদ্ধ। কৃষক, উদ্যোগী আৰু ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ স্বাৰ্থ সুৰক্ষিত কৰাটো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ।

শেহতীয়াকৈ ব্ৰিটেইনৰ সৈতে হোৱা বাণিজ্যিক চুক্তিকে ধৰি অন্যান্য চুক্তিসমূহত সুৰক্ষিত কৰা হৈছে, ইয়াতো একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।’’

উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত আমেৰিকাই সমগ্ৰ বিশ্বতে ‘মুক্তি দিৱস’ৰ বিপৰীত শুল্ক ঘোষণা কৰিছিল। আমেৰিকাই যুক্তি দিছিল যে বেছিভাগ দেশেই আমেৰিকাৰ সামগ্ৰীতকৈ নিজৰ বজাৰত আমদানিকৃত সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰিছে। ইয়াৰ পিছত ৱাশ্বিংটনে ৯০ দিনৰ বাবে শুল্ক কাৰ্যকৰী নকৰাকৈ আলোচনা অব্যাহত ৰাখিবলৈ সময় দিছিল, যিটো পিছলৈ ১ আগষ্টলৈকে বৃদ্ধি কৰা হৈছিল।

এই সময়ছোৱাত আমেৰিকাই যুক্তৰাজ্য, ইণ্ডোনেছিয়া, ফিলিপাইনছ, জাপান, ইউৰোপীয় সংঘৰ সৈতে চুক্তিবদ্ধ হৈছে। ব্ৰিটেইনৰ সৈতে হোৱা চুক্তিত গাড়ী ৰপ্তানিৰ ওপৰত শুল্ক ২৭.৫ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰাৰ লগতে মহাকাশ সামগ্ৰীৰ ওপৰত শুল্ক সম্পূৰ্ণৰূপে নাইকিয়া কৰা হয়।

ইণ্ডোনেছিয়া আৰু ফিলিপাইনছৰ বাবে নতুন শুল্ক ১৯ শতাংশ হোৱাৰ বিপৰীতে জাপান আৰু ইউৰোপীয় সংঘৰ বাবে ১৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। কিন্তু ভাৰতৰ সৈতে কোনো চুক্তি নোহোৱাত আমেৰিকাৰ নতুন শুল্ক আৰু শাস্তি কাৰ্যতঃ নিশ্চিত হৈ পৰে।

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0