নতুন দিল্লীঃ ভাৰতৰ ১৭ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে দেশৰ নিৰ্বাচন আয়োগে। অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এই নিৰ্বাচন। বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে পদত্যাগ কৰাৰ পিছতে এই নিৰ্বাচন অনুষ্ঠিত হ’ব।
উল্লেখ্য যে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিন অৰ্থাৎ ২১ জুলাইত স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰিছিল জগদীপ ধনখৰে। গৃহ মন্ত্ৰালয়ৰ পৰা অধিসূচনা লাভ কৰি নিৰ্বাচন আয়োগে নিৰ্বাচন প্ৰক্ৰিয়াৰ সম্পূৰ্ণ সময়সূচী প্ৰকাশ কৰিছে।