Home ৰাজ্যউচ্ছেদিত লোকক আশ্ৰয় নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

উচ্ছেদিত লোকক আশ্ৰয় নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

by News Next One
A+A-
Reset

গুৱাহাটীঃ ৰাজ্যত চলি থকা ভূমি উচ্ছেদ অভিযান সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতি পুনৰবাৰ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চলি থকা উচ্ছেদ অভিযানৰ ফলত স্থানচ্যুত হোৱা লোকসকলক আশ্ৰয় নিদিবলৈ ৰাজ্যবাসীক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে এনে পদক্ষেপে স্থানীয় সম্প্ৰদায়ৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিত ব্যাঘাত জন্মাব পাৰে।

সোমবাৰে বিটিআৰত চৰকাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, “আমাৰ জনসাধাৰণে তেওঁলোকক আশ্ৰয় দিয়া উচিত নহয়। অন্যথা উচ্ছেদ আৰু অন্যান্য ব্যৱস্থাৰ জৰিয়তে আমি যি পৰিস্থিতিৰ উন্নতি সাধন কৰিছো সেয়া পুনৰ অৱনতি ঘটিব।” তেওঁ লগতে কয় যে উচ্ছেদ অভিযান অসমৰ ‘জাতি’ আৰু ইয়াৰ পৰিচয় ৰক্ষাৰ বাবে এক বৃহত্তৰ অভিযানৰ অংশ। মুখ্যমন্ত্ৰীৰ মতে বৰ্তমান ৰাজ্যৰ প্ৰায় ২৯ লাখ বিঘা বা ৯.৫ লাখ একৰৰো অধিক মাটিত অবৈধ বেদখল আছে।

বেদখলকাৰীৰ বিৰুদ্ধে পোনপটীয়া অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্রীয়ে কয়, “তেওঁলোকে আমাৰ বনাঞ্চলৰ মাটি তামোলৰ বাৰী আৰু মীন পালনলৈ ৰূপান্তৰিত কৰি আমাক হাৰাশাস্তি কৰিছে। কোনে ‘লাভ জেহাদ’ কৰিছে? আমাৰ লগত এনেকুৱা হৈছে। কোনে ‘ভূমি জেহাদ’ কৰিছে? আমাৰ লগত এনেকুৱা হৈছে।”

তেওঁ লগতে কয় যে এই অভিযান মূলতঃ ‘অবৈধ বাংলাদেশী’ আৰু ‘সন্দেহজনক নাগৰিক’ৰ বিৰুদ্ধে, আৰু চৰকাৰে কেতিয়াও কোনো ভাৰতীয় বা খিলঞ্জীয়া অসমীয়াক উচ্ছেদ নকৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে বিগত চাৰি বছৰত চৰকাৰে ১.২৯ লাখ বিঘা মাটি বেদখলমুক্ত কৰিছে। তেওঁৰ মতে জনসাধাৰণ এতিয়া অতি সচেতন হৈ উচ্ছেদিত লোকসকলক আশ্ৰয় নিদিয়ে। উচ্ছেদ অভিযান অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দি কয় যে, “বহুত কাম কৰিবলগীয়া আছে, আৰু যদি মানুহে আমাক সহযোগ কৰে তেন্তে আমি সেই কাম কৰি আমাৰ জাতিটোক বচাব পাৰিম।”

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0