নতুন দিল্লীঃ অৱশেষত ৰাহুল গান্ধীয়ে বিস্ফোৰণ ঘটালে ‘এটম বোমা’ৰ। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ‘ভোট চুৰি’ৰ প্ৰমাণ ৰাজহুৱা কৰি আজি ৰাহুল গান্ধীয়ে সম্বোধন কৰা সংবাদমেলৰ পিছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰাহুলৰ প্ৰেছ মীটৰ পিছতে নিৰ্বাচন আয়োগক ডিফেণ্ড কৰাত নামি পৰিছে ভাৰতীয় জনতা পাৰ্টি। বৃহস্পতিবাৰে এক বিশদ সংবাদমেলত ৰাহুল গান্ধীয়ে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছৰে পৰা দেশজুৰি ভোটাৰ তালিকাত ব্যাপক জালিয়াতিৰ অভিযোগ উত্থাপন হৈ আহিছে আৰু এই জালিয়াতিত নিৰ্বাচন আয়োগ আৰু বিজেপিৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক আছে। উল্লেখ্য যে যোৱা সপ্তাহতে ৰাহুলে কৈছিল যে তেওঁৰ হাতত ‘ভোট চুৰি’ৰ ‘এটম বোমা’সদৃশ প্ৰমাণ আছে।
বৃহস্পতিবাৰে তেওঁ সেই অভিযোগৰ ভিত্তিত দিল্লীত বিশদ উপস্থাপন কৰি কয় যে কংগ্ৰেছে ছমাহ ধৰি তদন্তকাৰী দল গঠন কৰি বিভিন্ন সমষ্টিৰ ভোটাৰ তালিকা পৰীক্ষা কৰি স্পষ্ট প্ৰমাণ সংগ্ৰহ কৰিছিল। তেওঁ দাবী কৰে যে বিজেপি আৰু নিৰ্বাচন আয়োগে ভুৱা ভোটাৰ, ভুৱা ঠিকনা, একে ঠিকনাৰে একাধিক ভোটাৰ, ভুৱা ফটো লৈ ভোটাৰ, আনকি ফৰ্ম ৬ ৰ অপব্যৱহাৰৰ জৰিয়তে লাখ লাখ ভুৱা ভোট সৃষ্টিৰ ষড়যন্ত্ৰ কৰিছিল। ৰাহুল গান্ধীয়ে কয় যে বাংগালুৰু কেন্দ্ৰীয় লোকসভা সমষ্টি আৰু ইয়াৰ মহাদেৱপুৰা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা পৰীক্ষা কৰি কংগ্ৰেছে লাভ কৰা তথ্যই স্পষ্টকৈ দেখুৱাইছে যে কেনেকৈ ‘ভোট চুৰি’ হৈছিল।
তেওঁৰ মতে, এই সমষ্টিত কংগ্ৰেছে ৬,২৬,২০৮ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰা ভোট আছিল ৬,৫৮,৯১৫ টা অৰ্থাৎ মাত্ৰ ৩২,৭০৭ টা ভোটৰ ব্যৱধান আছিল দুয়োটা দলৰ মাজত। কিন্তু এই সমষ্টিৰ সাতখন বিধানসভাৰ আসনৰ ভিতৰত ৬ খন আসনতে কংগ্ৰেছে জয়লাভ কৰে যদিও মাত্ৰ মহাদেৱপুৰাতহে ১,১৪,০০০ ভোটত পৰাস্ত হয়। এই তথ্য দাঙি ধৰি ৰাহুল গান্ধীয়ে কয় যে এই সমষ্টিটোত মুঠ ১,০০,২৫০ টা ভোট চুৰি কৰি হৈছিল, য’ত আছিল ১১,৯৬৫ জন ভুৱা ভোটাৰ, ৪০,০০৯ টা ভুৱা ঠিকনা, ১০,৪৫২ জন এটা ঠিকনাত একাধিক ভোটাৰ, ৪,১৩২ খন ভুৱা ফটো। একে সময়তে ৩৩,৬৯২ জন ভোটাৰৰ নাম ফৰ্ম ৬ ব্যৱহাৰ কৰি অন্তৰ্ভুক্ত কৰা হৈছিল বুলিও দাবী কৰে ৰাহুলে। কৰ্ণাটকত ভোট জালিয়াতিৰ এটা নিৰ্দিষ্ট উদাহৰণ দি ৰাহুল গান্ধীয়ে কয়, ” কৰ্ণাটকৰ এটা ঘৰৰ ঠিকনা-০। অভিভাৱকৰ নাম- ডিএফজেডঅ’।
আশ্চৰ্যজনক কথাটো হ’ল এই একেটা গৃহ ঠিকনাৰ ভোটাৰৰ সংখ্যা ৮০ টা। এটা পৰিয়ালৰ ৮০ জন সদস্য, এয়া যদি জালিয়াতি নহয়, তেন্তে কেনেকৈ সম্ভৱ?’’ তেওঁ কয় যে এইটো কেৱল এটা কেন্দ্ৰ নহয়, সমগ্ৰ দেশতে অনুৰূপ ঘটনা সংঘটিত হৈ আছে আৰু ই সংবিধানৰ বিৰুদ্ধে অপৰাধ, জাতীয় পতাকাৰ বিৰুদ্ধে অপৰাধ। তেওঁ দাবী কৰে যে যদিহে নিৰ্বাচন আয়োগে যোৱা ১০ ৰ পৰা ১৫ বছৰৰ মেচিনেৰে পঢ়িব পৰা ভোটাৰ তালিকা আৰু আনুষংগিক চিচি টিভি ফুটেজ প্ৰকাশ নকৰে তেন্তে আয়োগো এই অপৰাধৰ অংশীদাৰ প্ৰমাণিত হ’ব। ৰাহুল গান্ধীয়ে কয়, ”আজি গণতন্ত্ৰ ধ্বংসৰ পথত। এই বিষয়ত আদালতে হস্তক্ষেপ কৰিব লাগে।’’
ৰাহুল গান্ধীয়ে কয়, “২০২৪ চনৰ লোকসভা নিৰ্বাচনত ক্ষমতাত থাকিবলৈ মোদীজীয়ে ২৫ খন আসন লাভ কৰিব লাগিছিল আৰু তেওঁলোকে ৩৩ হাজাৰতকৈও কম ব্যৱধানত হুবহু সেই সংখ্যাত জয়ী হৈছিল। এয়া গণতন্ত্ৰৰ ওপৰত আক্ৰমণ আৰু সংবিধান আৰু ৰাষ্ট্ৰীয় পতাকাৰ বিৰুদ্ধে অপৰাধ।” ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৩৩ হাজাৰতকৈও কম ভোটৰ ব্যৱধানত ২৫ খন আসনত জয়ী হোৱা বুলি দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁৰ মতে সংবিধানৰ মূল নীতি হ’ল ‘এজন ব্যক্তি, এজন ভোট’- কিন্তু আজি প্ৰশ্ন উত্থাপন হৈছে, উপযুক্ত ব্যক্তিয়ে ভোট দিবলৈ সক্ষম হৈছেনে নাই? তালিকাত ভুৱা নাম সোমাইছে নেকি? লগতে তেওঁ কয় যে বিজেপিৰ বাহিৰে বাকী সকলো ৰাজনৈতিক দল-চৰকাৰৰ বিৰুদ্ধে ৰাজহুৱা ক্ষোভ বা ‘এণ্টি-ইনকম্বেন্সি’ৰ বলি হয়, কিন্তু বিজেপিৰ ক্ষেত্ৰত সেয়া নহয়। এগজিট প’ল আৰু আভ্যন্তৰীণ জৰীপ সকলো ভুল, কাৰণ আজি নিৰ্বাচন মঞ্চস্থ নাটকৰ দৰে। পূর্বে সামান্য প্রযুক্তিৰে সমগ্র দেশত একেলগে ভোটদান অনুষ্ঠিত হৈছিল যদিও এতিয়া মাহৰ পিছত মাহ ধৰি ভোটদান চলিয়েই থাকে… চলিয়েই থাকে৷ ৰাহুলে অভিযোগ কৰে যে নিৰ্বাচন আয়োগে ভোটাৰ তালিকাখন মেচিনেৰে পঢ়িব পৰাকৈ নকৰি আৰু আইনৰ সলনি চিচিটিভি ফুটেজ প্ৰকাশ নকৰাকৈ প্ৰমাণ ধ্বংস কৰাৰ চেষ্টা চলাইছে।
তেওঁ কয় যে ২০২৩ চনৰ ছত্তীশগড় নিৰ্বাচনৰ পিছৰে পৰা কংগ্ৰেছে এই ভোট চুৰিৰ সন্দেহ কৰি আহিছিল আৰু পিছত ২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত এই ভোট চুৰি নিশ্চিত হয়। দুয়োখন ৰাজ্যতে কংগ্ৰেছ মিত্ৰজোঁট বিজেপিৰ হাতত পৰাস্ত হয়। লগতে মহাদেৱপুৰা বিধানসভা সমষ্টিত এক লাখৰো অধিক ভুৱা ঠিকনা উদ্ধাৰ হোৱা বুলিও তেওঁ দাবী কৰে। ৰাহুলে কয় যে মাত্ৰ পাঁচ মাহৰ ভিতৰতে মহাৰাষ্ট্ৰত এনে সংখ্যক নতুন ভোটাৰ সংযোজন হৈছে, যিটোৱে বিগত পাঁচ বছৰত যোগ কৰা মুঠ ভোটাৰৰ সংখ্যাতকৈও অধিক। তেওঁ দাবী কৰে যে ৰাজ্যত এক কোটি নতুন ভোটাৰৰ নাম সংযোজন হৈছে, ইয়াৰে প্ৰায় ৪০ লাখ ভোটাৰৰ নাম ভুৱা। তেওঁ কয় যে হঠাতে ভোটাৰ বৃদ্ধি আৰু ভোটৰ হাৰ অস্বাভাৱিকভাৱে বৃদ্ধিয়ে সন্দেহৰ সৃষ্টি কৰিছে। তেওঁ অভিযোগ কৰে যে এই পৰিৱৰ্তন বিজেপিক জয়ী কৰিবলৈ কৰা হৈছে আৰু ইয়াত নিৰ্বাচন আয়োগে সহায় কৰিছে।
লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে হাৰিয়ানাতো ভোট চুৰিৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে ৮ খন আসনত মাত্ৰ ২২,৭৭৯ টা ভোটৰ ব্যৱধানত ফলাফল নিৰ্ণয় কৰাৰ বিপৰীতে এটা কেন্দ্ৰত ১ লাখ ভোটৰ জালিয়াতিৰ প্ৰমাণ পোৱা গৈছে। তেওঁৰ মতে, ভোটাৰ তালিকাত এনে হেতালি খেলাৰ বাবেই বিজেপিয়ে সকলো এগজিট প’ল ভুল বুলি প্ৰমাণ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল। ৰাহুল গান্ধীয়ে কয়, ‘মই এজন ৰাজনীতিবিদ আৰু ৰাইজৰ আগত শপত খাই কওঁ যে নিৰ্বাচন আয়োগে এই জালিয়াতিৰ অনুমতি দিয়াৰ এশ শতাংশ প্ৰমাণ মোৰ হাতত আছে। আজিলৈকে আয়োগে ৰাহুল গান্ধীয়ে মিছা কথা কৈছে বুলি কোৱা নাই।’’
ইফালে, এই সকলো অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে। আয়োগৰ মতে ৰাহুল গান্ধীয়ে যি কৈছে সেয়া বিভ্ৰান্তিকৰ আৰু তথ্যৰ ওপৰত ভিত্তি কৰি নহয়। কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়াই কয় যে ৮ আগষ্টৰ দুপৰীয়া কংগ্ৰেছৰ সৈতে হোৱা বৈঠকৰ সময় নিৰ্ধাৰণ কৰা হৈছে। আয়োগৰ মতে, যদি ৰাহুলে সঁচাকৈয়ে অনিয়মৰ প্ৰমাণ পায়, তেন্তে নিয়ম অনুসৰি শপতনামাত স্বাক্ষৰ কৰি নিৰ্দিষ্ট তালিকা দাখিল কৰিব লাগে যাতে তদন্ত আৰম্ভ কৰিব পৰা যায়।
নিৰ্বাচন আয়োগে কয় যে ২০২৪ চনৰ নৱেম্বৰ আৰু ২০২৫ চনৰ জানুৱাৰী মাহত ইতিমধ্যে কংগ্ৰেছক ভোটাৰ তালিকা প্ৰদান কৰা হৈছে। ৰাহুলৰ বিস্ফোৰক সংবাদমেলৰ পিছতে নিৰ্বাচন আয়োগক ডিফেণ্ড কৰাত নামি পৰিছে বিজেপিয়েও। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে কয়, ‘ৰাহুল গান্ধীয়ে বাৰে বাৰে মিছা কথা কৈছে। কেতিয়াবা ৭৫ লাখ, কেতিয়াবা ১ কোটি ভোটাৰ বুলি কয়। মিছা কৈ নিজৰ পৰাজয় ঢাকিবলৈ চেষ্টা কৰিছে।” কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয়, “লোকসভাত ৰাহুলৰ দলটোৱে আৰু বেয়া কাম কৰিলে। এতিয়া তেওঁ পুনৰ অভিযোগ কৰিছে। তেন্তে ঝাৰখণ্ড বা জম্মু-কাশ্মীৰত আপোনাৰ দল কেনেকৈ জয়ী হ’ল?” বিজেপিৰ সাংসদ সম্বিত পাত্ৰই কয়, “ৰাহুল গান্ধীয়ে কংগ্ৰেছে জয়ী হোৱা ৰাজ্যসমূহৰ ভোটাৰ তালিকাও দাখিল কৰিব লাগে।”
