Home দেশৰাহুল গান্ধীৰ সংবাদমেল সন্দৰ্ভত বিবৃতি দিবলৈ গৈ উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়াৰ লাগিল খেলিমেলি

ৰাহুল গান্ধীৰ সংবাদমেল সন্দৰ্ভত বিবৃতি দিবলৈ গৈ উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়াৰ লাগিল খেলিমেলি

by News Next One
A+A-
Reset

কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে যোৱা ৭ আগষ্টত এক সংবাদমেলত তথ্যসহ ভোটাৰ তালিকাৰ খেলিমেলি উদঙাই দি নিৰ্বাচন আয়োগে বিজেপি দল আৰু চৰকাৰৰ সৈতে মিলি ভোট চুৰি কাৰ্যত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। উক্ত সংবাদমেলতে তেওঁ আদিত্য শ্ৰীবাস্তৱ আৰু বিশাল সিং নামৰ দুজন ব্যক্তিৰ নাম বিশেষভাৱে উল্লেখ কৰা পৰিলক্ষিত হয়। এই লোক দুজনৰ নাম কৰ্ণাটকৰ লগতে উত্তৰ প্ৰদেশসহ কেবাখনো ৰাজ্যৰ ভোটাৰ তালিকাত দেখা গৈছে। এই সন্দৰ্ভত কংগ্ৰেছ সাংসদগৰাকীয়ে নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ ১৬ মাৰ্চ ২০২৫ তাৰিখে লোৱা এক স্ক্ৰিণশ্বট শ্বেয়াৰ কৰি এজন ভোটাৰৰ নাম কেবাখনো ৰাজ্যৰ ভোটাৰ তালিকাত থকাক লৈ প্ৰশ্ন উত্থাপন কৰে।

ৰাহুল গান্ধীয়ে শ্বেয়াৰ কৰা স্ক্ৰিণশ্বটত দেখা পোৱা অনুসৰি আদিত্য শ্ৰীবাস্তৱ নামৰ লোকজনৰ EPIC নম্বৰ হৈছে FPP6437040 আৰু এই EPIC নম্বৰৰ সৈতেই আদিত্য শ্ৰীবাস্তৱৰ নাম কৰ্ণাটকৰ মহাদেৱপুৰা বিধানসভা সমষ্টিৰ দুটাকৈ বুথৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছিল। ইয়াৰ উপৰিও, একেটা EPIC নম্বৰৰ সৈতে আদিত্য শ্ৰীবাস্তৱৰ নাম মহাৰাষ্ট্ৰৰ যোগেশ্বৰী পূব বিধানসভা সমষ্টি আৰু উত্তৰ প্ৰদেশৰ লক্ষ্নৌ পূব বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাতো আছিল।

কংগ্ৰেছ নেতাগৰাকীয়ে বিশাল সিং নামৰ এজন ব্যক্তিৰ সৈতে জড়িত স্ক্ৰীণশ্বটো শ্বেয়াৰ কৰিছে। এই ব্যক্তিজনৰ সৈতে সংলগ্ন হৈ থকা EPIC নম্বৰ হৈছে INB2722288 আৰু এই নম্বৰটোৰ সৈতে বিশাল সিঙৰ নাম কৰ্ণাটকৰ মহাদেৱপুৰাৰ দুটাকৈ বুথৰ ভোটাৰ তালিকাত আছে। একেটা EPIC নম্বৰতে বিশাল সিঙৰ নাম উত্তৰ প্ৰদেশৰ বাৰাণসী কেণ্ট বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাতো থকা দেখিবলৈ পোৱা গৈছে।

ৰাহুল গান্ধীয়ে শ্বেয়াৰ কৰা এই তথ্য সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই এক বিবৃতি জাৰি কৰি কৈছে যে ৭ আগষ্ট, ২০২৫ত তেওঁ নিৰ্বাচন আয়োগৰ ৱেবছাইটত আদিত্য শ্ৰীবাস্তৱ, পিতৃৰ নাম এছপি শ্ৰীবাস্তৱ (EPIC নম্বৰ FPP6437040) আৰু বিশাল সিঙৰ (EPIC নম্বৰ INB2722288) নাম বিচাৰোতে আদিত্য শ্ৰীবাস্তৱৰ নাম বাংগালুৰু চহৰৰ মহাদেৱপুৰা বিধানসভা সমষ্টিৰ ৪৫৮নং বুথৰ ভোটাৰ তালিকাৰ ১২৬৫ নম্বৰ ক্ৰমাংকত আছে। একেদৰে বিশাল সিঙৰ নাম মহাদেৱপুৰা সমষ্টিৰ ৫১৩নং বুথৰ ভোটাৰ তালিকাৰ ৯২৬ নম্বৰ ক্ৰমাংকত পোৱা গৈছে বুলিও কয় মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে। এই কথা উল্লেখ কৰি আয়ুক্তগৰাকীয়ে বিবৃতিযোগে স্পষ্ট কৰি দিয়ে যে ৰাহুল গান্ধীয়ে সংবাদমেলত উল্লেখ কৰা লোক দুজনৰ নাম উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ পূব আৰু বাৰাণসী কেণ্ট বিধানসভাৰ ভোটাৰ তালিকাত নাই। এইদৰে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে ৰাহুল গান্ধীৰ দাবীক অসত্য বুলি বিবৃতিটোত সজোৰে উল্লেখ কৰে।

প্ৰকৃত সত্য কি?

ৰাহুল গান্ধী আৰু উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিজ নিজ দাবীৰ সত্যাসত্য নিৰূপণ কৰাৰ পূৰ্বেই মন কৰিবলগীয়া বিষয়টো হৈছে তাৰিখ। ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ যিটো স্ক্ৰিণশ্বট সংবাদমেলত প্ৰদৰ্শন কৰিছিল সেই স্ক্ৰিণশ্বটটো লোৱা হৈছিল চলিত বৰ্ষৰ ১৬ মাৰ্চত। আনহাতে উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়াই জাৰি কৰা বিবৃতিটো নিৰ্বাচন আয়োগৰ ৱেবছাইটত ৭ আগষ্ট, ২০২৫ তাৰিখে কৰা ছাৰ্চৰ ওপৰত আধাৰিত। সেয়ে নিৰ্বাচনী বিষয়াগৰাকীয়ে কৰা দাবী পোনছাটেই সত্য বুলি মানি ল’লে সেয়া হৈ পৰিব আন এক ভুল।

উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়াৰ বিবৃতিৰ সত্যাসত্য জানিবলৈ হ’লে কিছুদিন আগলৈকে উভতি যাব লাগিব। ইয়াৰ বাবে লক্ষ্নৌ পূব আৰু বাৰাণসী কেণ্ট বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন আয়োগে ২০২৪ চনত প্ৰকাশ কৰা খছৰা তালিকা-২০২৫ (Draft Roll-2025) আৰু ৭ জানুৱাৰীত প্ৰকাশ কৰা চূড়ান্ত তালিকা (Final Roll-2025) চোৱাতো প্ৰয়োজনীয় হৈ পৰে। দেশৰ আগশাৰীৰ ফেক্ট চেকিং নিউজ ৱেবছাইট ‘অল্ট নিউজ’-এ উক্ত খছৰা আৰু চূড়ান্ত তালিকাৰ তথ্যৰ সবিশেষৰ ওপৰত ভিত্তি কৰি চলোৱা অনুসন্ধানত দেখা গৈছে ৰাহুল গান্ধীয়ে সংবাদমেলত শ্বেয়াৰ কৰা দুয়োটা নাম আৰু EPIC নম্বৰ দুয়োখন তালিকাতে আছে। অৰ্থাৎ ৰাহুল গান্ধীয়ে সংবাদমেলত দাবী কৰাৰ দৰে আদিত্য শ্ৰীবাস্তৱ আৰু বিশাল সিঙৰ নাম উত্তৰ প্ৰদেশৰ নিৰ্বাচন আয়োগে ২০২৫ চনৰ জানুৱাৰী মাহত প্ৰকাশ কৰা চূড়ান্ত ভোটাৰ তালিকাত স্পষ্টকৈ আছে। ইয়ে স্পষ্ট কৰে যে নিৰ্বাচনী বিষয়াগৰাকীয়ে বিবৃতিত উল্লেখ কৰা তথ্যৰ সৈতে আয়োগৰ ৱেবছাইটত উপলব্ধ ড্ৰাফট ৰোল ২০২৫ আৰু ফাইনেল ৰোল আউট ২০২৫ৰ তথ্যৰ মিল নাই। সেয়ে উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়াই জাৰি কৰা বিবৃতি অৰ্ধসত্য আৰু সন্দেহপূৰ্ণ হৈ পৰে।

লক্ষ্নৌ পূব আৰু বাৰাণসী কেণ্ট বিধানসভা সমষ্টিৰ নিৰ্বাচন আয়োগে ২০২৪ চনৰ ২৯ অক্টোবৰত প্ৰকাশ কৰা Draft Roll-2025 আৰু ৭ জানুৱাৰী ২০২৫ত প্ৰকাশ কৰা Final Roll-2025ৰ ডাউনলোড লিংক তলত সন্নিবিষ্ট কৰা হৈছে।

Assembly Constituency Draft Roll-2025 Final Roll-2025
173 – Lucknow East Draft Roll PDF Final Roll PDF
390 – Varanasi Cantt. Draft Roll PDF Final Roll PDF

লৰালৰিকৈ দিয়া বিবৃতি

উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়াৰ বিবৃতি মনোযোগেৰে পঢ়িলে দেখা যায় যে তাত আন ক্ৰুটিও আছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে খৰছি মাৰি তথ্যৰ অনুসন্ধান নকৰাকৈয়ে উক্ত বিবৃতি ততাতৈয়াকৈ জাৰি কৰা হৈছিল।

উদাহৰণ হিচাপে, উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়াই নিজৰ বিবৃতিত স্পষ্টকৈ লিখিছে যে নিৰ্বাচনী আয়োগৰ ৱেবছাইটত চাৰ্ছ কৰোতে আদিত্য শ্ৰীবাস্তৱ, পিতৃ এছপি শ্ৰীবাস্তৱ (EPIC নম্বৰ FPP6437040) নাম বাংগালুৰু চহৰৰ মহাদেৱাপুৰা বিধানসভা সমষ্টিৰ ৪৫৮নং বুথৰ ভোটাৰ তালিকাৰ ১২৬৫ ক্ৰমিকত আছে। কিন্তু বাস্তৱত দেখা গৈছে যে নিৰ্বাচন আয়োগৰ EPIC ছাৰ্চত মহাদেৱপুৰাৰ ৪৫৮ নম্বৰ বুথৰ ভোটাৰ তালিকাৰ ১২৬৫ ক্ৰমিক নম্বৰত থকা আদিত্য শ্ৰীবাস্তৱৰ পিতৃৰ নাম এছপি শ্ৰীবাস্তৱৰ পৰিৱৰ্তে সম্পৰ্কীয়ৰ নাম ঋতিকা শ্ৰীবাস্তৱ বুলিহে উল্লেখ আছে।

ইয়ে স্পষ্ট কৰি তোলে যে মুখ্য নিৰ্বাচনী বিষয়াই ভালদৰে চালি-জাৰি নোচোৱাকৈয়ে বিবৃতি জাৰি কৰিছিল। ইয়াৰ উপৰিও নিৰ্বাচন আয়োগৰ ৱেবছাইটত ‘বিৱৰণৰ দ্বাৰা সন্ধান কৰক’ অপশ্যনত ৰাহুল গান্ধীয়ে আদিত্য শ্ৰীবাস্তৱ সম্পৰ্কে দিয়া তথ্যৰ সন্ধান কৰোতে পোৱা গৈছে যে আদিত্য শ্ৰীবাস্তৱ, পুত্ৰ এছপি শ্ৰীবাস্তৱৰ নাম এতিয়াও লক্ষ্নৌ পূব বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত আছে। কেৱল তেওঁৰ EPIC নম্বৰ সলাই দিয়া হৈছে।

নিৰ্বাচন আয়োগে ৭ জানুৱাৰী ২০২৫ত প্ৰকাশ কৰা Final Roll-2025ত আদিত্য শ্ৰীবাস্তৱ পুত্ৰ এছপি শ্ৰীবাস্তৱৰ ভোটদান কেন্দ্ৰ, ছিৰিয়েল নম্বৰ, বয়স আদি সকলো একেই আছে। মাত্ৰ EPIC নম্বৰ FPP6437040 সলনি কৰা RXM4728275 কৰা হৈছে।

এনে পৰিপ্ৰেক্ষিততে উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়াই আদিত্য শ্ৰীবাস্তৱ (পিতৃ এছপি শ্ৰীবাস্তৱ)ৰ নাম উত্তৰ প্ৰদেশৰ লক্ষ্নৌ পূব বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত নাই আৰু তেওঁৰ নাম কেৱল বাংগালুৰুৰ মহাদেৱপুৰা সমষ্টিৰ ৪৫৮ নম্বৰ বুথৰ ভোটাৰ তালিকাৰ ১২৬৫ ক্ৰমিক নম্বৰতহে আছে বুলি কৰা দাবী চূড়ান্ত খেলিমেলিৰ লগতে পৰ্যাপ্ত অনুসন্ধান নকৰাকৈ কৰা ভুল দাবী হিচাপে পৰিগণিত হৈ পৰে।

অল্ট নিউজৰ প্ৰতিবেদনৰ ভিত্তিত এই প্ৰতিবেদন যুগুত কৰা হৈছে।

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0