তিনিচুকীয়াঃ মৰাণক জনজাতিৰ মৰ্যাদা প্ৰদান আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীত আৰম্ভ কৰা ‘জোঁৰ সমদল’ৰ তৃতীয়দিনৰ কাৰ্যসূচী আজি মাৰ্ঘেৰিটাত সফল ৰূপায়িত হয়। অহা ১০ ছেপ্টেম্বৰত এই ‘জোঁৰ সমদল’ৰ অন্তিমটো কাৰ্যসূচী ৰূপায়ণ হ’ব তিনিচুকীয়া সদৰত। উল্লেখ্যযোগ্য যে কিনকিনীয়া বৰষুণকো নেওচি আজিৰ কাৰ্যসূচীলৈ ওলাই আহিল হাজাৰ হাজাৰ সংগ্ৰামী আবাল-বৃদ্ধ-বনিতা।
মাৰ্ঘেৰিটাৰ টাউন হাইস্কুলৰ সন্মুখৰ পৰা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেদি চেগুনবাৰী তিনিআলিলৈ “ন’ এছ টি, ন’ ৰেষ্ট”, “উই ৱাণ্ট এছ টি”, “হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ”, “নৰেন্দ্ৰ মোদী মুৰ্দাবাদ”, “এই জুই জ্বলিছে, জ্বলিবই”, “বিজেপি চৰকাৰৰ প্ৰতাৰণা নচলিব”, “বিজেপি গ’ বেক” আদি চৰকাৰবিৰোধী শ্ল’গানেৰে কয়লাৰ ৰাণী মাৰ্ঘেৰিটাৰ আকাশ-বতাহ কঁপাই তুলি প্ৰায় এক কিলোমিটাৰ পথ অতিক্ৰমি উক্ত জোঁৰ সমদল উলিওৱা হয়।
পিছত চেগুনবাৰী তিনিআলিত অৱস্থান কৰি এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়কান্ত মৰাণে উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ আঁত ধৰি তাৎপৰ্যপূৰ্ণভাৱে কয় যে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিও নস্যাৎ কৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেৱল পত্ৰ দি আলোচনালৈ মাতিলে নহ’ব, জনজাতিৰ মৰ্যাদা প্ৰদানৰ নিশ্চিতি প্ৰদান কৰি আমন্ত্ৰণ জনালেহে তেওঁলোকে আলোচনাৰ বাবে সন্মতি প্ৰদান কৰিব।
উক্ত প্ৰতিবাদী সভাত সংগ্ৰামী বক্তব্য ৰাখে সংগঠনটোৰ সভাপতি পলিন্দ্ৰ বড়া, উপ-সভাপতি কেশৱ দহোটীয়া, মৰাণ জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী দীপা শইকীয়া বড়া, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি প্ৰবীণ তামুলী, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পাপু দত্ত, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অশোক লামা আদি নেতাই।
স্মৰ্তব্য যে অসমৰ আদিম জনজাতি মৰাণসকলৰ অনুসূচীকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসনৰ দীৰ্ঘদিনীয়া দাবীত মৰাণ জনজাতিৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত তথা মৰাণ জনজাতিৰ কেউটা সংগঠনৰ সহযোগত ইতিমধ্যে এলানি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছিল।
সেই অনুসৰি যোৱা ২ ছেপ্টেম্বৰত তালাপত, ৪ ছেপ্টেম্বৰত কাকপথাৰত বিশাল জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত আজি মাৰ্ঘেৰিটাত ৰূপায়ণ কৰা বিশাল জোঁৰ সমদলৰ পিছত অহা ১০ ছেপ্টেম্বৰত তিনিচুকীয়াৰ সদৰত ৰাইজৰ সহযোগত এক সৰ্ববৃহৎ জোঁৰ সমদল ৰূপায়ণ কৰিব সদৌ মৰাণ ছাত্ৰ সন্থাই।
আনহাতে অহা ১৫ ছেপ্টেম্বৰৰ পৰা মৰাণ অধ্যুষিত অঞ্চলত সৰ্বাত্মক অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচীও হাতত লোৱাৰ বিপৰীতে পৰৱৰ্তী সময়ত আৰু অধিক কঠোৰ সংগ্ৰামৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়া আৰু সাধাৰণ সম্পাদক জয়কান্ত মৰাণে স্পষ্ট কৰি দিছে।