Home ৰাজ্যগৰু চুৰিৰ সন্দেহেই হ’ল কাল! হিংসা-প্ৰতিহিংসাত দাউদাউকৈ জ্বলিল কোকৰাঝাৰৰ কাৰিগাঁও

গৰু চুৰিৰ সন্দেহেই হ’ল কাল! হিংসা-প্ৰতিহিংসাত দাউদাউকৈ জ্বলিল কোকৰাঝাৰৰ কাৰিগাঁও

by News Next One
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰত সোমবাৰে নিশা প্ৰায় ৮ বজাত গৰু চুৰিৰ সন্দেহৰ ফলত হোৱা খেদা-খেদিৰ পৰিণতিস্বৰূপে সংঘটিত হোৱা এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি আজি অঞ্চলটোত ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হয়। পুৱাৰে পৰা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে কাৰিগাঁও আৰক্ষী চকী ঘেৰাও কৰে। সমান্তৰালভাৱে প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰে। পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰে আৰু এটা সময়ত প্ৰতিবাদকাৰীসকলে কাৰিগাঁও উপ আৰক্ষী চকীৰ গেট ভাঙি ভিতৰত প্ৰৱেশ কৰে।

প্ৰতিবাদকাৰীসকলে উপ-আৰক্ষী চকীত কালি নিশা ঘটনাৰে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰা ১৮ গৰাকী লোক কাৰিগাঁও উপ আৰক্ষী চকীত আৱদ্ধ কৰি ৰাখিছে নেকি সেয়া বিচাৰি ৰুমে ৰুমে প্ৰৱেশ কৰে। ইয়াৰ সমান্তৰালভাৱে প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথত দুখনকৈ মটৰচাইকেলো জ্বলাই দিয়ে। মটৰ চাইকেল দুখনৰ গৰাকী বা আৰোহীৰ কি হ’ল সেয়া জানিব পৰা হোৱা নাই।

ইমানতে ক্ষান্ত নাথাকি প্ৰতিবাদকাৰীসকলে বীৰছা কামাণ্ডো কাৰ্যালয়, নবনিৰ্মিত বীৰসিং মুণ্ডা সাংস্কৃতিক প্ৰকল্প চৌহদত থকা শ্ৰমিকগৃহ আৰু কাৰিগাঁৱৰ দাঁতিকাষৰীয়া এলেকাৰ কেবাটাও দোকানগৃহ জ্বলাই ভস্মীভূত কৰে। আৰক্ষীয়ে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাই যদিও প্ৰতিবাদকাৰীসকলে আকোৰগোঁজ স্থিতি গ্ৰহণ কৰি পথ অৱৰোধ কৰিবলৈ উদ্যত হয়।

পথ অৱৰোধৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত শ শ বাহন আৱদ্ধ হৈ পৰে। আৱদ্ধ বাহনসমূহৰ ভিতৰত কেবাখনো ভূটানৰ মালবাহী আৰু যাত্ৰীবাহী গাড়ীও আছিল। প্ৰথম অৱস্থাত আৰক্ষী প্ৰশাসনৰ ভূমিকা পুতৌজনক আছিল যদিও প্ৰতিবাদকাৰীসকলে অধিক উগ্ৰ ৰূপ ধাৰণ কৰাত লাহে লাহে আৰক্ষীও কঠোৰ হ’বলৈ ধৰে। আৰক্ষীয়ে এইবাৰ শূন্যলৈ গুলীচালনা কৰে আৰু প্ৰতিবাদকাৰীসকল অলপ আঁতৰি যায় যদিও পুনৰাই প্ৰতিবাদ আৰু ধ্বংসাত্মক কাৰ্য অব্যাহত ৰাখে।

এনে এক উত্তেজনাময় পৰিৱেশৰ মাজতে আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিং ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰতিবাদকাৰীসকলক অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। প্ৰতিবাদকাৰীসকলৰ সৈতে আৰক্ষীৰ ঠেলা-হেঁচা আৰম্ভ হয় আৰু এটা সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰি ছত্ৰভংগ দিয়াবলৈ চেষ্টা চলায়। প্ৰতিবাদকাৰীসকলেও আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ আৰম্ভ কৰাত কেবাগৰাকী আৰক্ষী আহত হয়। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ নিক্ষেপ কৰে। কেবাঘণ্টা যুঁজি অৱশেষত আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথ মোকলাবলৈ সক্ষম হয় আৰু আৱদ্ধ হৈ থকা যানবাহনসমূহ এছকৰ্ট দি পাৰ কৰাই দিয়ে।

আজিৰ প্ৰতিবাদ ইমানেই উগ্ৰ আছিল যে প্ৰতিবাদকাৰীসকলে আনকি আধাতে ছুটী দিয়া বিদ্যালয়ৰ পৰা নিজৰ সন্তান লৈ ঘৰলৈ আহি থকা অৱস্থাত অভিভাৱককো আক্ৰমণ কৰে। এই আক্ৰমণত কেবাজনো অভিভাৱক আহত হয়। প্ৰতিবাদকাৰীসকলে আনকি বিশেষ সম্প্ৰদায়ৰ গাঁৱৰ ভিতৰলৈ সোমাই খেৰৰ পুঁজি পৰ্যন্ত জ্বলাই দিয়ে। বাতৰি লিখা পৰলৈকে অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে আৰু ৰেপিড একচন ফৰ্চৰ দুটা বাহিনীৰ লগতে চিআৰপিএফৰ বাহিনী মোতায়ন কৰা হৈছে। পৰিস্থিতি স্বাভাৱিক কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে যদিও পৰিস্থিতি নিয়ন্ত্ৰণৰ কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপক লৈ কোকৰাঝাৰ আৰক্ষী সমালোচিত হৈছে। কোকৰাঝাৰ আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবেই ঘটনাটোৱে কালৰূপ ধাৰণ কৰিবলৈ পালে বুলিও সচেতনমহলে সমালোচনা কৰা দেখা গৈছে।

কেনেকৈ সূত্ৰপাত হৈছিল এই ঘটনাৰ?

প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে সোমবাৰে নিশা প্ৰায় ৭.৪৫ বজাত আওডাং বজাৰলৈ যোৱা ৰাস্তাটো নিৰ্মাণৰ বাবে ঠিকা লাভ কৰা বাৰোন্দা বসুমতাৰী নামৰ ঠিকাদাৰজনৰ কেম্পৰ পৰা নিৰ্মাণ সামগ্ৰী আনিবলৈ বাৰোন্দা বসুমতাৰীৰ জোৱায়েক চিকনা জৌহালৌও বিস্মিত ওৰফে ৰাজা বসুমতাৰীয়ে আন তিনিগৰাকী সংগীক লৈ স্কৰপিঅ’ গাড়ীৰে ওলাই যায়। তেওঁলোক সামগ্ৰী লৈ ঘূৰি আহোতে কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ কাৰিগাঁও আৰক্ষী চকীৰ সমীপৰ গৌৰীনগৰত উক্ত এলেকাৰ লোকসকলে তেওঁলোকক গৰুচোৰ বুলি সন্দেহ কৰে আৰু গাড়ী ৰখাবলৈ চেষ্টা কৰে। অনাকাংক্ষিত এই ঘটনাৰ পৰিপ্ৰেক্ষিতত চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত গাড়ীখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত তাৰে দুই স্থানীয় বাসিন্দা মহেশ মুৰ্মু আৰু সুনীল মুৰ্মু গুৰুতৰভাৱে আহত হয়।

অভিযোগ অনুসৰি স্কৰপিঅ’ বাহনখনলৈ দুষ্কৃতিকাৰীয়ে শিলগুটি নিক্ষেপ কৰিছিল। বাহনখন সৰু খাল এটাত বাগৰি পৰাত দুষ্কৃতিকাৰীসকলে বাহনত থকা লোকসকলক আক্ৰমণ কৰে। আক্ৰমণৰ মাজতে ইয়াৰে এজন আৰোহী কোনোমতে পলাই সাৰিবলৈ সক্ষম হয় যদিও চিকনা জৌহালৌও বিস্মিত ওৰফে ৰাজা বসুমতাৰী আৰু যুগিৰাজ ব্ৰহ্ম গুৰুতৰভাৱে আহত হয়। আহতসকলক কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে চিকনা জৌহালৌও বিস্মিত ওৰফে ৰাজা বসুমতাৰীক মৃত বুলি ঘোষণা কৰে। আনহাতে স্কৰপিঅ’ৰ খুন্দাত আহত হোৱা সুনীল মুৰ্মু (৩২) নামৰ যুৱকজন আজি চিকিৎসাধীন অৱস্থাত আজি মৃত্যুমুখত পৰে।

blank

উল্লেখ্য যে কালিৰ ঘটনাৰ সতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে নিশাই ১৮ গৰাকীকৈ লোকক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। আৰক্ষীৰ হাতত আটকাধীন লোকসকল হ’ল ক্ৰমে সত্যনাথ টুডু(৪৭), গুদৰাই কিস্কু(৩০), গুনি মাৰ্ডি(২৮), পৱন হেমব্ৰম(২২), মংগল মুৰ্মু(২০), ৰাজু বাস্কি(২৬), সোণীৰাম মুৰ্মু(৩০), ৰবিন হেমব্ৰম(৪৫), সোবান মাৰ্ডি(৩৫), ৰবিন ছ’ৰেন(২৫), ৰবি হাছদা(৩৮), বাচিলিঅ’ছ ছ’ৰেন(২৩ ), চাবাহ মুৰ্মু(৬০) নিকোলাছ ছ’ৰেন(৩৫), সোম হেমব্ৰম(১৮), চেবাছ হেমব্ৰম(৪৪), সুনীল টুডু(৩৫ ) আৰু মন্টু মুৰ্মু (২৫)। ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈছে আৰু পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে । আৰক্ষী মহাপৰিদৰ্শক অখিলেখ সিঙে কাৰিগাঁওত উপস্থিত হৈ আইন কাকো হাতত তুলি লবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰেপিড একচন ফৰ্চ আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে বুলি সদৰী কৰিছে।

ঘটনাৰ আঁৰত তৃতীয় শক্তিৰ হাত! আশংকা বিটিচি প্ৰধান হাগ্ৰামাৰ

কোকৰাঝাৰত সংঘটিত অপ্ৰীতিকৰ পৰিস্থিতিৰ আঁৰত কোনো তৃতীয় শক্তি জড়িত হৈ থাকিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। সকলোকে শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনাই সংবাদ মাধ্যমৰ আগত আজি হাগ্ৰামাই কয়, ”কালিৰে পৰা ঘটনাটো আৰম্ভ হৈছে। এয়া খুবেই দুৰ্ভাগ্যজনক। যি হৈছে সেয়া নিয়ন্ত্ৰণ হ’ব লাগে। বড়ো-আদিবাসী সকলোৱে আমাৰ এই অঞ্চলৰে বাসিন্দা। আমি সদায় একেলগে মিলিজুলি থাকিব লাগিব।’’

তৃতীয় পক্ষৰ উচটনিত কোনোৱে যাতে আৰু অধিক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰবাবে সকলোকে সতৰ্ক হৈ থাকিবলৈকো আহ্বান জনায় বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। আদিবাসী আৰু বড়ো উভয় সমাজকে শান্ত হৈ থাকিবলৈ আহ্বান জনাই বিটিচি প্ৰধানগৰাকীয়ে আৰু কয়, ”কোনেও এতিয়া আৰু উত্তেজিত হৈ পৰিব নালাগে। যিয়ে এনে কাণ্ড সংঘটিত কৰিছে সেইসকলক আইনে উচিত শাস্তি প্ৰদান কৰিব।’’

কোনেও আইন হাতত তুলি লোৱা উচিত নহয় বুলি মন্তব্য কৰি দিছপুৰৰ সৈতে ঘটনা সন্দৰ্ভত সঘন যোগাযোগ অব্যাহত ৰখাৰ কথাও জানিবলৈ দিয়ে বিটিচি প্ৰধানগৰাকীয়ে। উৰাবাতৰিত বিশ্বাস নকৰিবলৈকো তেওঁ কোকৰাঝাৰ তথা সমগ্ৰ বিটিচিৰ ৰাইজক আহ্বান জনায়। সম্প্ৰতি প্ৰয়োজনীয় নিৰাপত্তাবাহিনী মোতায়েন কৰা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ আছে বুলিও সংবাদমাধ্যমক জানিবলৈ দিয়ে হাগ্ৰামা মহিলাৰীয়ে।

blank

কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীয়ে এটা দুৰ্ঘটনাৰ আলম লৈ মাৰধৰ কৰি হত্যা কৰা আৰু উক্ত ঘটনাৰ আলম লৈ পৰবৰ্তী পৰ্যায়ত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। সকলো পক্ষকে শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাৰ আহ্বান জনাই বিধায়কগৰাকীয়ে আইন হাতত তুলি নল’বলৈ সকলোকে অনুৰোধ জনায়। এই অঞ্চলসমূহত বিভিন্ন সময়ত বিভিন্ন ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰি সকলো পক্ষকে শান্তি-সংযম বৰ্তাই ৰাখিবলৈকো আহ্বান জনাই বিধায়কগৰাকীয়ে।

আনহাতে, সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি বিমল কুমাৰ হেমব্ৰম আৰু সম্পাদক দীপাঙ্কৰ হেমব্ৰমে আৰক্ষী সঞ্চালকপ্ৰধানলৈ দিয়া এক পত্ৰত বিষয়টো সাৱধানে নিষ্পত্তি নকৰিলে সাম্প্ৰদায়িক সংঘৰ্ষৰ ফালে গতি কৰিব বুলি আশাংকা প্ৰকাশ কৰে। গণপ্ৰহাৰৰ ঘটনাৰে জড়িত থকাসকলক ফাষ্টট্ৰেক আদালতত বিচাৰৰ দাবী জনাই আহতসকলক পৰ্যাপ্ত চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিবলৈকো দাবী জনাইছে নেতাদ্বয়ে। উভয় পক্ষৰ গাঁওসমূহত অধিক অৰ্ধসামৰিক বাহিনী আৰু ৰেপিড একচন ফৰ্চ নিয়োগ কৰিবলৈ দাবী জনাই শান্তিৰ বাবে দুয়োপক্ষকে লগত লৈ আগবাঢ়িবলৈকো আহ্বান জনায় সংগঠনটোৰ নেতা দুগৰাকীয়ে।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0