নেহা বোৰা… বিজেপিক সমৰ্থন কৰা পৰিয়ালত জন্মগ্ৰহণ কৰিও নেহা কিদৰে...

Home অন্যান্য খবৰনেহা বোৰা… বিজেপিক সমৰ্থন কৰা পৰিয়ালত জন্মগ্ৰহণ কৰিও নেহা কিদৰে হৈ পৰিল বিজেপি বিৰোধী ‘জেন-জি আন্দোলন’ৰ চিনাকি মুখ?

নেহা বোৰা… বিজেপিক সমৰ্থন কৰা পৰিয়ালত জন্মগ্ৰহণ কৰিও নেহা কিদৰে হৈ পৰিল বিজেপি বিৰোধী ‘জেন-জি আন্দোলন’ৰ চিনাকি মুখ?

by News Next One
12 views
A+A-
Reset

২০২৬ চনৰ জুলাই মাহত নীটৰ (NEET) প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত অভিজিৎ দীপকে আৰু ছোনম ৱাংচুকে অনশনত বহে। সেই সময়তে তেওঁলোকৰ সমান্তৰালভাৱে সমগ্ৰ দেশবাসীৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছিল এগৰাকী ছাত্ৰ নেত্ৰীয়ে।

এই ছাত্ৰ নেত্ৰীগৰাকীয়েই হৈছে নেহা বোৰা। ককৰোচ জনতা পাৰ্টী চমুকৈ চিজেপিৰ এই প্ৰতিবাদলৈ সংহতি জনাই তেৱোঁ কেইবাগৰাকীও সতীৰ্থৰ সৈতে অনশন কাৰ্যসূচীত অংশ লৈছিল।

চিপিআই (এমএল)ৰ ছাত্ৰ সংগঠন ‘অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচন’ চমুকৈ আইছাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী নেহা বোৰা ইয়াৰ পিছতো পুনৰ বাতৰিৰ শিৰোনামলৈ আহে। সেইবাৰ ঝাৰখণ্ড লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা বিসংগতি আৰু খেলিমেলিৰ বিৰুদ্ধে আয়োজিত ছাত্ৰ প্ৰতিবাদত অংশ ল’বলৈ তেওঁ ৰাঁচীত উপস্থিত হয়।

সেই প্ৰতিবাদৰ সময়তে কোনোৱে তেওঁৰ মুখলৈ চিয়াঁহী ছটিয়াই দিছিল। কিন্তু নেহাই অকণো বিচলিত নহৈ স্পষ্টকৈ কয়, “মুখলৈ চিয়াঁহী দলিয়ালেই মই ভয় খাই পিছুৱাই যোৱা মানুহ নহয়। দিল্লীৰ আন্দোলনত মই পেলেট গান আৰু পুলিচৰ লাঠীৰ কোবো হজম কৰি থৈছোঁ।”

প্ৰতিপক্ষক প্ৰত্যাহ্বান জনাই তেওঁ কৈছিল, “চিয়াঁহী দলিয়াই সমগ্ৰ দেশৰ ছাত্ৰ-যুৱসমাজৰ মনত থকা ক্ষোভৰ জুই নুমুৱাব পৰা যাব বুলি তেওঁলোকে সঁচাকৈয়ে ভাবিছে নেকি?”

ইয়াৰ পিছতে প্ৰতিবাদৰ সময়ত অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা ছাত্ৰ-ছাত্ৰীসকলক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত তেওঁ বিহাৰত উপস্থিত হয়। বিগত কেইবছৰমান ধৰি ছাত্ৰ ৰাজনীতিত সক্ৰিয় হৈ থকা নেহা বোৰা আজিৰ তাৰিখত দেশৰ যুৱ আৰু ছাত্ৰ আন্দোলনৰ অন্যতম অগ্ৰণী নেত্ৰী হৈ পৰিছে।

স্পষ্টবাদিতা, নিৰ্ভীক বক্তব্য আৰু সংগ্ৰামী মনোভাৱৰ বাবেই নেহা বোৰা এতিয়া সংবাদ মাধ্যমৰো মধ্যমণি। ছ’চিয়েল মিডিয়াতো তেওঁৰ অগ্নিবৰষা ভাষণৰ বহুকেইটা ৰীল ভাইৰেল হৈ পৰিছে।
এতিয়া পুনৰ দিল্লীৰ ৰাজপথত সমৰ্থকসকলক লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে নেহাই।

এইবাৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত তেওঁলোক সৰৱ হৈ পৰিছে। দেশত চলি থকা এছআইআৰ প্ৰক্ৰিয়াত হোৱা অনিয়মৰ বাবে কেইবাটাও বিৰোধী দলে জ্ঞানেশ কুমাৰকে প্ৰধান জগৰীয়া বুলি দাবী কৰা পৰিলক্ষিত হৈছে। এই প্ৰক্ৰিয়াৰ ফলত দেশৰ কোটি কোটি লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

শেহতীয়াকৈ ইংৰাজী দৈনিক ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এক অনুসন্ধানমূলক প্ৰতিবেদনতো এই কথা পোহৰলৈ আহিছে যে এছআইআৰ প্ৰক্ৰিয়াক লৈ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন দুজন নিৰ্বাচন আয়ুক্তৰ মাজত তীব্ৰ মতভেদ ঘটিছিল।

নেহাৰ যাত্ৰা— বিশ্ববিদ্যালয়ৰ পৰা গণ-আন্দোলনৰ প্ৰধান মুখলৈ

উত্তৰাখণ্ডৰ জীয়ৰী নেহাই প্ৰথমে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু তাৰ পিছত আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। বৰ্তমান তেওঁ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত (জেএনইউ) গৱেষণা (পিএইচডি) কৰি আছে।

দিল্লী তথা জেএনইউৰ বাওঁপন্থী ছাত্ৰ আন্দোলনৰ অন্যতম পৰিচিত নাম হৈছে নেহা। চিপিআই (এমএল) লিবাৰেচনৰ ছাত্ৰ সংগঠন আইছাৰ নেতৃত্ব বহন কৰি তেওঁ বিশ্ববিদ্যালয়খনত অত্যন্ত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। প্ৰকৃততে ক’বলৈ গ’লে, এই সময়ছোৱাত দেশৰ জন-আন্দোলন আৰু বাওঁপন্থী শিবিৰৰ এগৰাকী সৰৱ মুখপাত্ৰ হিচাপেই তেওঁ আত্মপ্ৰকাশ কৰিছে।

আন্দোলনে কি শিকালে— নেহাৰ ভাষ্য

যোৱা মাহত ‘ফ্ৰণ্টলাইন’ আলোচনীক দিয়া এক সাক্ষাৎকাৰত নেহাই কৈছিল, “যন্তৰ-মন্তৰত আঁৰি থোৱা অসংখ্য পোষ্টাৰত স্পষ্টকৈ লিখা আছিল— ‘আপোনালোকে গডছেক মানে, কিন্তু আমি ভগৎ সিঙক বিশ্বাস কৰোঁ। আপোনালোক আৰু আমাৰ মাজৰ মূল পাৰ্থক্যটোৱেই এইটো, আৰু সেইবাবেই আপোনালোক শাসনৰ গাদীৰ পৰা আঁতৰি যোৱা উচিত।’ তাত সমবেত সকলোৱে একেমুখে কৈছিল যে গডছেৰ অনুগামীসকলে কেতিয়াও এই দেশ শাসন কৰিব নোৱাৰে।”

তেওঁ আৰু কৈছিল, “সেই পোষ্টাৰবোৰত আচলতে আৰএছএছৰ সেই পুৰণি ঐতিহ্য আৰু ইতিহাসকে আঙুলিয়াই দিয়া হৈছিল, য’ত সংগঠনটোৰ বিৰুদ্ধে ৰাইজক বিশ্বাসঘাটকতা কৰাৰ অভিযোগ আছে। তাত কোৱা হৈছিল যে তেওঁলোক গডছেৰ পক্ষত আৰু আমি ভগৎ সিঙৰ পক্ষত। তাত এই কথাও স্পষ্ট হৈ পৰিছিল যে তেওঁলোকৰ বিভাজনমুখী ৰাজনীতিয়ে আজি দেশক এনে এটা পৰ্যায়লৈ নমাই আনিলে য’ত প্ৰশ্নকাকত ফাদিল হোৱাৰ দৰে গুৰুতৰ বিষয়কো কোনেও গুৰুত্বই নিদিয়ে, অথচ হিন্দু-মুছলমানৰ প্ৰসংগ আহিলেই হঠাতে সকলোৰে দৃষ্টি কাঢ়ি লয়। মানুহে এই বিষয়বোৰক লৈ অবিৰতভাৱে কথা পাতি আছিল।”

নেহাৰ ভাষ্য আছিল এনেধৰণৰ, “মোৰ মতে এই প্ৰতিবাদসমূহে স্পষ্ট কৰি দিলে যে বৰ্তমানৰ শাসকগোষ্ঠীৰ পৰা এইখন দেশৰ যুৱপ্ৰজন্মই প্ৰকৃততে কি নিবিচাৰে। এই আন্দোলনে আমাক কেৱল ফেচিবাদী শক্তিকো যে জবাবদিহি কৰিব পাৰি, সেইয়াকে নহয়, তাতকৈয়ো বহু ডাঙৰ শিক্ষা দিলে। সেইবাবেই অনশন ভঙাৰ পিছত মাইকত বক্তব্য ৰাখোঁতে মই সকলোকে এইটোৱেই কৈছিলোঁ যে আমাৰ তৰুণ প্ৰজন্মই এই সংকল্প সদায় মনত ৰখা উচিত— এজনে আনজনৰ বিৰুদ্ধে নহয়, বৰঞ্চ আমি এজনে আনজনৰ বাবেহে যুঁজিব লাগিব।”

আদৰ্শক লৈ নিজ পৰিয়ালৰ সৈতেই সংঘাত

নেহাৰ ঘৰখন পিছে পৰম্পৰাগতভাৱেই বিজেপিৰ সমৰ্থক। সাক্ষাৎকাৰটোত নেহাই কৈছে, “মোৰ নিজৰ পৰিয়ালতেই বিজেপিৰ অন্ধ সমৰ্থক আছে, যাৰ বাবে ঘৰৰ ভিতৰতে তীব্ৰ মতানৈক্য চলি আহিছে। আৰু এই মতবিৰোধ আজিৰ নহয়, বহুদিনীয়া। মই যেতিয়াৰ পৰা দিল্লীলৈ আহি ছাত্ৰ ৰাজনীতিত ভৰি দিলোঁ, তেতিয়াৰ পৰাই ঘৰত এই লৈ সংঘাত চলিছে।”

“কেতিয়াবা কেতিয়াবা ঘৰৰ পৰিৱেশ অত্যন্ত উত্তপ্ত হৈ পৰে। কিন্তু আৰ্থিক দিশতেই হওক বা নিজৰ জীৱনৰ ব্যক্তিগত সিদ্ধান্তৰ ক্ষেত্ৰতেই হওক, মই নিজৰ সিদ্ধান্ত সদায় নিজে ল’বলৈ যথেষ্টখিনি স্বাধীনতা পাই আহিছোঁ। কলেজৰ দ্বিতীয়-তৃতীয় বৰ্ষত পঢ়ি থকাৰ সময়তেই মই এই স্বাধীনতা পাইছিলোঁ, কাৰণ সেই সময়ছোৱাই আছিল মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্ধিক্ষণ।”

‘যুৱ ৰাজনীতিয়ে এতিয়াও বহু বাট বুলিবলৈ বাকী’

নেহাৰ দৃষ্টিত কেৱল ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰাতে চিজেপিৰ আন্দোলন সীমাৱদ্ধ হৈ থকা নাই, ইয়াৰ তাৎপৰ্য তাতকৈয়ো বহুগুণে গভীৰ। তেওঁ বিশ্বাস কৰে যে যুৱপ্ৰজন্মই বুজি উঠিছে— এজনে আনজনৰ বিৰুদ্ধে থিয় দিয়াৰ সলনি যদি এজনে আনজনৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে যুঁজ দিয়ে, তেন্তেহে সমাজত পৰিৱৰ্তন সম্ভৱ।

তেওঁ বিচাৰে যন্তৰ-মন্তৰৰ আন্দোলনে জগাই তোলা এই উদ্যম এছআইআৰ, সমষ্টি পুনৰ্নিৰ্ধাৰণ, শ্ৰমিকৰ অধিকাৰ আৰু মহিলা সংৰক্ষণৰ দৰে আন আন প্ৰাসংগিক আন্দোলনবোৰলৈকো বিয়পি পৰক। তেওঁৰ বাবে এই আন্দোলন হ’ল দেশৰ গণতন্ত্ৰ তথা গণতান্ত্ৰিক, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ভেটি ৰক্ষাৰ বহল সংগ্ৰামৰ এক অবিচ্ছেদ্য অংগ।

‘মানুহে এজনে আনজনৰ হাত খামুচি ধৰিবলৈ শিকিছে’

বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যন্তৰ-মন্তৰৰ প্ৰতিবাদ সন্দৰ্ভত নেহাই কৈছিল যে এই আন্দোলনটোক কোনো এটা নিৰ্দিষ্ট গণ্ডীত আৱদ্ধ কৰি ৰাখিব নোৱাৰি, আৰু এয়াই আন্দোলনটোৰ আটাইতকৈ ডাঙৰ শক্তি। তেওঁ বিচাৰে এই শক্তি সদায় এনেদৰেই অক্ষুণ্ণ থাকক।

তেওঁ কৈছিল, “যন্তৰ-মন্তৰৰ প্ৰতিবাদত অংশ লোৱা বহুতেই কৈছিল যে তেওঁলোকৰ মাক-দেউতাকহঁতেই হেনো আন্দোলনলৈ যাবলৈ কৈছিল। কেইবাজনেও প্ৰতিবাদলৈ আহিব বিচৰাৰ বাবেই বিদ্যালয়লৈ নগৈ ইয়াত উপস্থিত হৈছিল। এইবোৰেই প্ৰমাণ কৰে যে যিখন দেশত কেৱল ঘৃণাৰ বাবে মানুহক গঢ় দিয়াৰ চেষ্টা চলিছিল, সেইখন দেশৰ মানুহেই এতিয়া এজনে আনজনৰ হাতত ধৰিবলৈ শিকিছে।”

সাক্ষাৎকাৰটোত নেহাই জানিবলৈ দিয়ে যে প্ৰতিবাদ চলি থকাৰ সময়ত বিজেপি সমৰ্থক অভিভাৱক আৰু বয়োবৃদ্ধসকলো তেওঁলোকৰ কাষলৈ আহিছিল; আনকি ছাত্ৰ-ছাত্ৰীসকলৰ এনে দুৰৱস্থা দেখি একাংশই চকুপানী টুকি ক্ষমাও বিচাৰিছিল।

‘ফ্ৰণ্টলাইন’ক দিয়া সাক্ষাৎকাৰতো তেওঁ নিজ পৰিয়ালৰ উদাহৰণ টানি কৈছিল যে আৰক্ষীৰ বৰ্বৰতা নিজ চকুৰে প্ৰত্যক্ষ কৰাৰ পিছত তেওঁৰ বিজেপি সমৰ্থক মাতৃয়েও আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ সংগ্ৰামক প্ৰশংসা কৰিছিল। নেহাৰ মতে, এই ধৰণৰ মানসিক পৰিৱৰ্তনে আন্দোলনটোক এক ব্যাপক সামাজিক ভিত্তি প্ৰদান কৰিছে।

অভিজিৎ দীপকেৰ সৈতে তুলনা

যোৱা কেইদিনমানত ছ’চিয়েল মিডিয়াত এই সন্দৰ্ভত এক অতি ৰসাল চৰ্চা আৰম্ভ হোৱা দেখা গৈছে। চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ সৈতে নেহা বোৰাৰ তুলনা কৰি মানুহে তৰ্ক কৰিবলৈ ধৰিলে যে দুয়োৰে ভিতৰত কোন অধিক পৰিপক্ক!

‘আমোক’ নামৰ এজন এক্স ব্যৱহাৰকাৰীয়ে নেহা বোৰাৰ ছবি এখন শ্বেয়াৰ কৰি লিখিছে, “পৰিপক্কতা তেতিয়াহে আহে, যেতিয়া আপুনি বুজি পাব যে নেহা বোৰা অভিজিৎ দীপকেতকৈয়ো বহুগুণে প্ৰতিভাশালী। তেওঁ জেন-জিৰ প্ৰকৃত আইকন আৰু তেওঁৰ ব্যক্তিত্ব সঁচাকৈয়ে অপ্ৰতিৰোধ্য!”

এই প’ষ্টটো শ্বেয়াৰ কৰি অভিজিতে লিখিছে— “মই এই কথাত সম্পূৰ্ণ একমত।” ইয়াৰ কিছু সময় পিছতেই নেহাই এক্সত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখে, “তুলনা নহয়, সংহতিহে আমাৰ মূল মন্ত্ৰ। আমি অন্যায়ৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজিছোঁ।” প্ৰত্যুত্তৰত অভিজিতে পুনৰ লিখে— “ইনকিলাব জিন্দাবাদ।”

চিজেপিৰ আন্দোলনৰ সময়ত যন্তৰ-মন্তৰত নেহাই নিজেও কৈছিল যে দীপকে এজন অত্যন্ত অমায়িক আৰু বিনম্ৰ ব্যক্তি, যিয়ে আনৰ পৰামৰ্শ শুনিবলৈ সদায় সাজু থাকে। লগতে তেওঁ সকলো আন্দোলনকাৰীৰ মাজত এনে এক বাতাৱৰণ গঢ়ি তুলিছিল যাতে সকলোৰে অনুভৱ হয় যে তেৱোঁ তেওঁলোকৰ দৰেই এই সংগ্ৰামৰ এগৰাকী সাধাৰণ ছাত্ৰ তথা সহযোদ্ধা।

নেহা বোৰা অসমৰ সন্তান নেকি? জানক প্ৰকৃত পৰিচয়

‘বৰা’ উপাধিটোৰ বাবেই বহুতে নেহা বোৰাক অসমৰ জীয়ৰী বা অসমৰ সৈতে সম্পৰ্ক থকা বুলি এক ভুল বুজাবুজিৰ সৃষ্টি হৈছিল। বিশেষকৈ নীট (NEET) কেলেংকাৰীক লৈ যন্তৰ-মন্তৰত হোৱা উত্তাল প্ৰতিবাদৰ সময়ছোৱাত অসমৰ বহু নেটিজেনে ছ’চিয়েল মিডিয়াত নেহাক ‘অসমৰ সন্তান’ বুলি দাবী কৰি গৌৰৱেৰে প’ষ্ট শ্বেয়াৰ কৰাও দেখা গৈছিল।

কিন্তু বাস্তৱত অসমৰ সৈতে নেহাৰ তেনে কোনো পোনপটীয়া সম্পৰ্ক নাই। নেহাৰ প্ৰকৃত ঘৰ উত্তৰাখণ্ডৰ খটিমাত (Khatima)। তেওঁৰ পিতৃ ভাৰতীয় সেনাত কৰ্মৰত আছিল বাবে তেওঁৰ শৈশৱ বিভিন্ন চহৰত অতিবাহিত হৈছিল আৰু সেই সূত্ৰেই তেওঁ শিলিগুৰিৰ দিল্লী পাব্লিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। এগৰাকী নাট্যকৰ্মী হিচাপেও পৰিচিত নেহাই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্ত্ব বিষয়ত স্নাতক আৰু আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। বৰ্তমান তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জেএনইউ) ‘স্কুল অৱ আৰ্টছ এণ্ড এস্থেটিক্স’ৰ পৰা পিএইচডি গৱেষণা চলাই আছে। জেএনইউত অধ্যয়নৰ সময়তে ছাত্ৰ ৰাজনীতিত সক্ৰিয় হৈ পৰা নেহাই পৰৱৰ্তী সময়ত বাওঁপন্থী ছাত্ৰ সংগঠন ‘আইছা’ৰ (AISA) ৰাষ্ট্ৰীয় সভানেত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

অসমৰ মানুহৰ মাজত খেলিমেলিৰ সৃষ্টি কৰা এই ‘বোৰা’ উপাধিটোৰ উত্তৰাখণ্ডত এক সুকীয়া ঐতিহাসিক আৰু সামাজিক পৰিচয় আছে। উত্তৰাখণ্ডৰ কুমাওঁ হিমালয় অঞ্চলত, বিশেষকৈ আলমোৰা আৰু পিথোৰাগড় জিলাত এই উপাধিৰ লোক বহুলভাৱে পোৱা যায়। তাত মূলতঃ দুটা পৃথক শ্ৰেণীৰ মাজত এই উপাধিৰ প্ৰচলন দেখা যায়। ইয়াৰে এটা হৈছে ‘কুথালিয়া বোৰা’ বা ‘বোৰা কাৰ্কী’ সম্প্ৰদায়। শণসূতাৰে শস্য মজুত ৰখা মোনা অৰ্থাৎ ‘কুথলা’ তৈয়াৰ কৰা আৰু ব্যৱসায় (‘বোৰা’) কৰা পুৰণি বৃত্তিৰ পৰাই এই নামৰ উৎপত্তি হৈছিল বুলি কোৱা হয়।

ঊনবিংশ শতিকাত পশ্চিম নেপালৰ পৰা প্ৰব্ৰজন কৰা এই সম্প্ৰদায়টোৱে বৰ্তমান কুমাওঁনী ভাষা কয় আৰু ব্যৱসায়-বাণিজ্যৰ সৈতে জড়িত। আনহাতে, একেটা কুমাওঁ অঞ্চলৰ ক্ষত্ৰিয় বৰ্ণৰ ৰাজপুতসকলৰ মাজতো এই উপাধিৰ ব্যৱহাৰ দেখা যায়, যিসকল ‘বোৰা ৰাজপুত’ হিচাপে জনাজাত আৰু ঐতিহাসিকভাৱে তেওঁলোক আছিল ভূমিৰ অধিকাৰী তথা প্ৰশাসনিক পদবীত থকা লোক। অৰ্থাৎ, উত্তৰাখণ্ডৰ এই স্থানীয় ‘বোৰা’ সম্প্ৰদায়ৰ সৈতে অসমৰ থলুৱা ‘বৰা’ উপাধিৰ কোনো ঐতিহাসিক বা বংশগত সম্পৰ্ক নাই।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0