72
দুধনৈঃ দুধনৈ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত যোৱা ১৭ মে’ৰ পৰা ৰাভা হাছং ক্ৰীড়া সন্থাৰ উদ্যোগত এমহীয়া ফুটবল প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে।
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই ফুটবলৰ উক্ত প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰি কয় যে বৃহত্তৰ দুধনৈ অঞ্চলৰ ফুটবলৰ প্ৰতিভা সম্পন্ন খেলুৱৈসকলক বিচাৰি উলিয়াই এগৰাকী সুদক্ষ খেলুৱৈ হিচাবে গঢ়ি তুলিবলৈ এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে।