নগাঁওঃ নিৰ্মল ভাৰত অভিযান শীৰ্ষক গুৰুত্বপূৰ্ণ আঁচনিখন নগাঁও জিলাত একপ্ৰকাৰে ভালুকৰ সাঙীত পৰিণত হৈছে ৷ কিয়নো, নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত এই আঁচনিখন ৰূপায়ণ কৰি থকা হৈছে যদিও ইয়াৰ পূৰ্বে একে উদ্দেশ্যৰে ৰূপায়ণ কৰা সম্পূৰ্ণ অনাময় আঁচনি আৰু বিশুদ্ধ খোৱাপানী যোগান আঁচনিকেইখন আজিলৈকে সঠিক ৰূপত কাৰ্যকৰী হোৱা নাই ৷
জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়িত সম্পূৰ্ণ অনাময় আঁচনিৰ অধীনত ইতিমধ্যে বিভিন্ন বিদ্যালয়ত নিৰ্মাণ কৰি তোলা শৌচাগাৰ আৰু প্ৰস্বাৱগাৰবোৰৰ নিৰ্মাণ কাৰ্যত থকা আঁসোৱাহৰ বাবেই এইবোৰ বৰ্তমান জহি-খহি যাবলৈ ধৰাৰ লগতে অধিকাংশই ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে ৷