57
বালিপাৰাঃ ৰঙাপৰা আৰু চতিয়া সমষ্টিৰ অন্তৰ্গত তথা দুয়োটা সমষ্টিৰ সীমা ৰেখা স্বৰূপে চিহ্নিত চাৰিদুৱাৰৰ গড়মৰা গড়কপ্তানী জৰাজীৰ্ণ পথটিয়ে গঞাঁ ৰাইজক বাৰুকৈয়ে জীয়াতু ভোগাইছে।
বালিপাৰাৰ পৰা মাত্ৰ প্ৰায় ৩ কি:মি: নিলগৰ চাৰিদুৱাৰ পকী পথৰ পৰা গড়মৰালৈ যোৱা অতি ব্যস্তাতাপূৰ্ণ পথটিৰ মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাতে পথচাৰী তথা যান-বাহন চলাচলত ব্যাঘাত জন্মোৱাৰ লগতে জীৱনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি আহিছে।