60
তেজপুৰঃ ২০০৭ চনৰ ২১ মে তাৰিখে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰূপে কার্যভাৰ গ্ৰহণ কৰি ১০ টা বছৰ (উপাচাৰ্য্য ৰূপে দুটা কার্যকাল) সফলতাৰে সম্পূর্ণ কৰি ২০ মে’ত মিহিৰ কান্তি চৌধুৰীয়ে অৱসৰ গ্ৰহণ কৰে।
তেজপুৰ বিশ্ববিদ্যালয়খনৰ শিক্ষক সমাজ, বিশ্ববিদ্যালয়ৰ কর্মচাৰীবৃন্দ প্ৰমুখ্যে বিভিন্ন বিভাগ আৰু বিভিন্ন গোটে এই উদ্দেশ্যে বেলেগ বেলেগকৈ কেইবাখনো সভা পাতি তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ূ জীৱন কামনা কৰে।