61
ডিজিটেল ডেস্কঃ যিসকলে ম’বাইল ৰিচাৰ্জ, অনলাইন শ্বপিং, মুভি টিকট বুকিং আদিৰ বাবে পেটিএম ব্যৱহাৰ কৰাত অভ্যস্ত, তেওঁলোকৰ বাবে সুখবৰ। কিয়নো এয়াৰটেল আৰু ভাৰতীয় ডাক বিভাগৰ পিছত এইবাৰ পেটিএমে আগবঢ়াইছে পেমেণ্ট বেংকৰ সুবিধা।
আপুনি যদি ইতিমধ্যে পেটিএম ইউজাৰ, তেন্তে নতুনকৈ বেংক একাউণ্ট খুলিবৰ প্ৰয়োজন নাই। কিয়নো পেটিএমত থকা ই-ৱালেটেই হ’ব এতিয়া আপোনাৰ বেংক একাউণ্ট।