বেতবাৰীঃ বিধ্বস্ত ৰূপত শিৱসাগৰ নগৰ সংযোগী এটি ৰোডৰ লগতে ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ অৱস্থা। পথটো ফাটিলে বা গাঁতৰ সৃষ্টি হলে কেৱল মাত্র অলপ শিলগুটি আৰু মাটি পেলাই পথটোৰ গাঁতবোৰ পুতিয়েই দায়িত্ব সামৰাৰ অভিযোগ গড়কাপ্তানী বিভাগৰ ঠিকাদাৰৰ বিৰুদ্ধে।
ফলত শিৱসাগৰ নগৰ সংযোগী এটি ৰোডটো সাধাৰণ এজাক বৰষুণতে বিশাল বিশাল পুখুৰীত পৰিণত হোৱা পৰিলক্ষিত হৈছে। সাধাৰণ ৰাইজৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু অফিছ-কাছাৰীলৈ যোৱা লোক সকল অসুবিধাৰ সন্মুখীন হৈ আহিছে।