63
ডিজিটেল ডেস্কঃ কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে সেনা৷ আজি ৰাজ্যখনত সেনাৰ গুলীত নিহত হয় সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ কমাণ্ডাৰ সবজাৰ আহমেদ ভাট।
দুধৰ্ষ সন্ত্ৰাসবাদীজন অঞ্চলটোৰ এটা বাসগৃহত আত্মগোপন কৰা বুলি খবৰ পাইছিল সেনাই৷ সন্ত্ৰাসবাদীজনৰ লগত আৰু ২ জন সন্ত্ৰাসবাদীও আছিল৷ অৱশ্যে এই দুই সন্ত্ৰাসবাদীৰ বিষয়ে সেনাৰ ওচৰত নাই বিশেষ তথ্য৷