গুৱাহাটীঃ অৰণ্য সুৰক্ষা সমিতি, অসমৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাব আৰু ইলেকট্ৰনিক মিডিয়া ফৰামৰ সহযোগত আজি এখনি পৰিবেশ সাংবাদিকতা কৰ্মশালা অনুষ্ঠিত হয়৷ কৰ্মশালাখনি উদ্বোধন কৰে প্ৰাক্তন বন বিষয়া তথা পৰিবেশবিদ ভূপেন তালুকদাৰে৷ কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে সাংবাদিক প্ৰণয় বৰদলৈ৷
তেওঁ জৈৱ বৈচিত্ৰৰে ভৰপূৰ পৰিবেশ পৰিভ্ৰমণ কৰিব পাৰিলে যথেষ্ট সমল লাভ কৰিব পৰা যায় বুলি ব্যক্ত কৰে৷ লগতে উপস্থিত সাংবাদিকসকলক পৰিবেশ সৰ্ম্পকীয় অধ্যয়ন তথা পৰিবেশ সাংবাদিকতাৰ প্ৰতি আগ্ৰহী হবলৈ আহ্বান জনায়৷ লগতে পৰিবেশ গবেষণাৰ প্ৰতি মনোনিবেশ দিবলৈ আহ্বান জনায়৷