Home ক্ৰীড়াৰঙিয়া স্কুল ক্ৰিকেটত জয়ী শংকৰদেৱ বিদ্যালয়

ৰঙিয়া স্কুল ক্ৰিকেটত জয়ী শংকৰদেৱ বিদ্যালয়

by News Desk
71 views
A+A-
Reset
ৰঙিয়াঃ ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত সন্থাৰ খেল পথাৰত অনুষ্ঠিত স্কুল ক্ৰিকেট টুৰ্ণামেন্টত শংকৰদেৱ বিদ্যালয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে।
 
প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত চূড়ান্ত খেলখনত ৰঙিয়া শংকৰদেৱ বিদ্যালয়ে ৰঙিয়া মাদ্ৰাছা বিদ্যালয়ক ৯২ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি শংকৰদেৱ বিদ্যালয়ে ১৫ অভাৰত ৩টা উইকেট হেৰুৱাই ১৭২ৰান সংগ্ৰহ কৰে।
 
দলৰ হৈ অনুপম ডেকাই ৫২ আৰু চাহিল আখটাৰে ৩৯ ৰানৰ বৰঙণি আগবঢ়ায়। ইয়াৰ প্ৰত্যুত্তৰত ৰঙিয়া মাদ্ৰাছাই ১১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৮০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
 
খেলখনত অনুপম ডেকা মেন অৱ দ্য মেচ বিবেচিত হোৱাৰ বিপৰীতে টুৰ্ণামেন্টৰ শ্ৰেষ্ঠ সন্মান লাভ কৰে আৰিয়ন কাশ্যপে৷ আনহাতে শ্ৰেষ্ঠ বলাৰৰ সন্মান লাভ কৰে সঞ্জয় ৰাংকলে।
News Desk
Author: News Desk

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0