ডিজিটেল ডেস্কঃ ধাৰাসাৰ বৰষুণে এতিয়া অভিশাপ মাতিছে বাংগালুৰুবাসীৰ বাবে৷ বৰষুণৰ বাবে চহৰখনৰ এক বিশেষ অঞ্চলত দেখা গৈছে তুষাৰপাত৷ অৱেশ্যে প্ৰাকৃতিক তুষাৰপাতৰ পৰিৱৰ্তে সেয়া ৰাসয়নিক তুষাৰপাতহে৷
চহৰখনৰ ভাৰ্থুৰ হ্ৰদৰ ওচৰৰ অঞ্চলসমূহত সৃষ্টি হৈছে এই ৰাসয়নিক তুষাৰপাতৰ৷ মূলতঃ বিগত এক সপ্তাহৰ বৰষুণৰ ফলত হ্ৰদটোত থকা ৰাসয়নিক পদাৰ্থবোৰত ফেনৰ সৃষ্টি হৈছে৷ আৰু এই ফেনবোৰ বিয়পি পৰিছে ওচৰৰ অঞ্চলসমূহলৈ৷ এতিয়া এই ফেনসমূহৰ পৰা লোকসকলৰ বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিয়াৰ আশংকা কৰা হৈছে৷