77
ডিজিটেল ডেস্কঃ মহিলাই চলাব এটা ৰেল ষ্টেশ্যন। মুম্বাইস্থিত মাটুংগা নামৰ এই ৰেলৱে ষ্টেশ্যনটো কেৱল মহিলা কৰ্মচাৰীৰে সুসজ্জিত কৰি তোলা হ’ব বুলি কেন্দ্ৰীয় ৰেল প্ৰৱন্ধক ডি কে শৰ্মাই সদৰী কৰিছে।
প্ৰায় ৩০ গৰাকী কৰ্মচাৰী থকা ষ্টেশ্যনটোলৈ ইতিমধ্যে মহিলা কৰ্মচাৰী অইন ঠাইৰপৰা বদলি কৰি অনোৱা হৈছে। টিকট বুকিঙৰপৰা আৰম্ভ কৰি ষ্টেশ্যন মাষ্টাৰলৈকে সকলোৰে দায়িত্বত থাকিব মহিলা।