57
কামপুৰঃ ৫৫ বৰ্ষীয় মাতৃসম শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি নৈত উটুৱাই দিয়াৰ দৰে পাশৱিক কাণ্ড সংঘটিত কৰা অপৰাধীৰ চুড়ান্ত শাস্তিৰ দাবীৰে আজি কামপুৰত প্ৰখৰ ৰ’দ নেওচি ৰাজপথলৈ ওলাই আহিল শ শ ছাত্ৰ-ছাত্ৰী তথা সচেতন নাগৰিক৷
নগাঁও জিলাৰ কামপুৰ কাৱৈমাৰীৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক প্ৰথমে ধৰ্ষণ কৰি তাৰ পিছত হত্যা কৰি নদীত উটুৱাই দিছিল জঘন্য অপৰাধীয়ে৷ বিবেকবান লোকক হতচকিত কৰি তুলিছিল এই নিৰ্মম পাশবিক কাণ্ডই৷