নাৰায়ণপুৰঃ এগৰাকী লোকে নিজে পোৱা সন্মানৰ ভাগ দিব মানৱ সম্পদক৷ বহল মনৰ লোকগৰাকীয়ে ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত নিজে পোৱা সন্মানৰ ভাগ দিব কৃতি ছাত্ৰক৷
কৃতি ছাত্ৰৰ বাবেই সাচি ৰাখিছে নিজৰ জীৱনৰ কৰ্মৰাজীৰ বাবে পোৱা সৰ্বশ্ৰেষ্ঠ সন্মানক৷ লখিমপুৰ জিলাৰ মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন অধ্যক্ষই নিজে সন্মান হিচাপে পোৱা ধন এগৰাকী কৃতি ছাত্ৰক দিব৷ মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন অধ্যক্ষ যোগেন্দ্ৰ নাথ দত্তই ৰাষ্ট্ৰপতি বঁটাৰ লগত পোৱা জমা ধনৰ অায়েৰে প্ৰতিবছৰে দহ হাজাৰ টকা ‘শিক্ষা বটা’ নামেৰে প্ৰদান কৰিব৷