45
ডিজিটেল ডেস্কঃ পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হ’ল শ্ৰীনগৰত৷ আজি পুৱা শ্ৰীনগৰ-জম্মু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত সুৰক্ষা কৰ্মীৰ ওপৰত আক্ৰমণ চলায় উগ্ৰপন্থীয়ে৷
উক্ত আক্ৰমণত এজন সাধৰণ লোক আহত হৈছে৷ শুক্ৰবাৰে কাশ্মীৰৰ উৰি চেক্টৰত সেনাৰ হাতত নিহত হৈছিল ৫ জন সন্ত্ৰাসবাদী৷ বিগত ৪ দিনত সেনাৰ হাতত ১২ জন সন্ত্ৰাসবাদী নিহত হৈছে কাশ্মীৰত৷