59
ডিজিটেল ডেস্কঃ ৰাজপথত নামি আন্দোলনৰ পয়োভৰ ঘটিছে৷ কিন্তু গছক সাবতি কৰা আন্দোলন খুব কমেই আছে। গছ ৰক্ষাৰ বাবে কলকাতাত আন্দোলন আৰম্ভ কৰিছে শিক্ষকে৷
চিপকো আন্দোলনৰ দৰেই অবিকল এই আন্দোলন কলকাতাত৷ মহানগৰখনৰ টাকী আৰু জেচোৰ পথত হোৱা যান যত কমাবলৈ পথটোৰ পুৰণি গছসমুহ কটা আৰম্ভ কৰিছিল প্ৰশাসনে৷
মঙলবাৰে গছ কাটিবলৈ গৈ এক অনন্য প্ৰতিবাদৰ সন্মুখীন হ’ল প্ৰশাসনৰ লোক৷ কিয়নো গছক সাবটি গছ কটাৰ পৰা বিৰত ৰাখিলে দুগৰাকী শিক্ষয়িত্ৰীয়ে৷
শেষত এই দুগৰাকী মহিলাৰ আগত সেও মানিলে প্ৰশাসনে৷ উলেখ্য যে উক্ত অঞ্চলটোৰ গছ কটা বন্ধ কৰিবলৈ স্থানীয় লোকে আবেদন কৰিছে প্ৰশাসনক৷ গছ কটা বন্ধ কৰিবলৈও এখন কমিটীও গঠন হৈছে৷