73
বিহালীঃ বিশ্বনাথ জিলাৰ বিহালীত কৃষক হত্যাৰ প্ৰতিবাদত কৃষক সভাৰ দুঘন্টীয়া অৱস্থান৷ মধ্য প্ৰদেশৰ মান্দাছোৰত যোৱা তিনি জুনত বিজেপি নেতৃত্বাধীন শিৱৰাজ সিং চৌহান চৰকাৰৰ আৰক্ষীৰ নিৰ্বিচাৰ গুলিচালনাত ন’ জনকৈ কৃষকৰ মৃত্যুৰ হৈছিল।
কৃষক হত্যাৰ প্ৰতিবাদত কৃষক মহাসভাই বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷