64
চাবুৱাঃ প্ৰতিবাদ নকৰিলে যেন এইখন অসমত একো নাপায়৷ বিভিন্ন দল-সংগঠনে চৰকাৰৰ গণ বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহাতো ৰাজ্যখনত তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে।
ইয়াৰ মাজতে দল-সংগঠনৰ পৰিৱৰ্তে এইবাৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ল ধুমুহাত ক্ষতিগ্ৰস্থ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।বাৰিষাৰ আৰম্ভণিতে ধুমুহাত ক্ষতিগ্ৰস্ত হৈছিল ৰাজ্যখনৰ বহু বিদ্যালয়ৰ গৃহ৷ কোনো কোনো বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ টিন উৰুৱাই নিয়াৰ লগতে বহু বিদ্যালয় গৃহত বাগৰি পৰিছিল প্ৰকাণ্ড গছ৷