কাজলগাঁওঃ চিৰাং জিলাৰ বিজনী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী, প্ৰাক্তন ছাত্ৰ নেতা প্ৰয়াত ৰত্নেশ্বৰ ৰায়ৰ শুকুৰবাৰে বিজনী লক্ষ্মী মন্দিৰ নাট ভৱনত স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ বিয়লি বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰীৰ পৌৰহিত্যত অনুস্থিত স্মৃতিচাৰণ সভাত অংশ লৈ অসম লোকসেৱা অায়োগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ অনুপম ৰয়ে ৰত্নেশ্বৰ ৰায়ৰ জীৱনক খাঙুৰি যুগুত কৰি উলিওৱা এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে৷
অনুষ্ঠানত প্ৰাক্তন বিধায়ক ভূপেন ৰায়, কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক বীৰেশ্বৰ শইকীয়া উপস্থিত থাকি ৰায়ৰ সান্নিধ্যৰ কথা সোঁৱৰে ৷ বিটিচিৰ পৰিষদীয় সদস্য ঘনশ্যাম দাস, শিক্ষাবিদ কামেশ্বৰ ডেকা, প্ৰয়াত ৰায়ৰ সহধৰ্মিনী কল্যাণী ৰায়ে বক্তব্য ৰাখে ৷