55
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোদীক লৈ যেন উৎসাহৰ অন্ত নাই অনুৰাগীৰ মাজত৷ কোটিটকীয়া জেকেটৰ পিছত এইবাৰ পুনৰ মোদীক অনুৰাগীয়ে দিয়া উপহাৰে সমগ্ৰ দেশতে খলকনিৰ সৃষ্টি কৰিছে৷
গুজৰাটৰ ২৫ বৰ্ষীয়া খুচবু ডাবড়াই প্ৰধানমন্ত্ৰীগৰাকীক উপহাৰ দিছে প্ৰায় ৩৫০ কিলোগ্ৰামৰ এখন ছবি৷ ভাৰতৰ মেপখনৰ মাজত যুৱতী গৰাকীয়ে অংকন কৰিছে মোডীৰ মুখাবয়ব৷ কেৱল সুতা আৰু মনকাৰে যুৱতীগৰাকীয়ে অংকিত কৰিছে এই ফটোখন৷