ডিজিটেল ডেস্কঃ দুৰ্নীতি নহয়, স্বচ্ছ ভাৰত অভিযানত লাগিল তেজৰ দাগ। এই ঘটনা ৰাজস্থানৰ প্ৰতাপগড়ৰ। অঞ্চলটোত স্বচ্ছ ভাৰত অভিযানৰ কৰ্মীৰ প্ৰহাৰত মৃত্যুক সাৱতি লয় এজন চি পি এম কৰ্মীয়ে।
মুকলি ঠাইত শৌচ কৰিবলৈ যোৱা মহিলাৰ ফটো তোলাৰ চেষ্টা চলাইছিল পৌৰসভাৰ কেবাজনো ছেনিটেশ্যন কৰ্মীয়ে। ফটো তোলাত বাধা দিবলৈ গৈয়েই মাৰধৰৰ সন্মুখীন হয় ৫৫ বৰ্ষীয় জাফৰ খান নামৰ লোকজন।
কৰ্মীকেইজনৰ প্ৰহাৰত আহত হৈ কিছুসময় পিছতে মৃত্যুমুখত পৰে জাফৰ। ঘটনা সন্দৰ্ভত ৬ জন স্বচ্ছ ভাৰত অভিযানৰ সৈতে জড়িত কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।