বালিপৰাঃ বনৰীয়া হাতীয়ে চাহ বাগানত কাম কৰা এগৰাকী মহিলাক বিছনাৰ পৰা শুৰেৰে টানি আনি হত্যা কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শোণিতপুৰ জিলাত৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাত অঞ্চলত প্ৰতিদিনে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা জনাঞ্চললৈ অহা বনৰীয়া হাতীয়ে ধন-জনৰ ক্ষতি কৰি আহিছে৷
জিলাখনত অব্যাহত থকা হাতী-মানুহৰ সংঘাতৰ ফলত বহু নিৰীহৰ প্ৰাণ গৈছে। ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ধেন্দাই চাহ বাগিছাৰ ২০নং লাইনত শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত নামেৰী সংৰক্ষীত বনাঞ্চল আৰু বালিপৰা সংৰক্ষীত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহে এজাক হাতী৷